ঢকুৱাখনা সদৰ থানাৰ নৱনির্মিত ভৱন উদ্বোধন

ঢকুৱাখনা সদৰ থানাৰ নৱনির্মিত ভৱন উদ্বোধন

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা সদৰ থানাৰ নৱনির্মিত ভৱন উদ্বোধন

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ঐতিহাসিকভাৱে সমৃদ্ধিশালী ঢকুৱাখনাৰ গৰিমামণ্ডিত আকৰ স্বৰূপ ঢকুৱাখনা আৰক্ষী থানা। ব্ৰিটিছৰ শাসন ব্যৱস্থাৰ দিনতে প্ৰাণ প্ৰতিষ্ঠা হৈছিল  এই ঢকুৱাখনা আৰক্ষী থানাৰ। ১৮৫৭ চনৰ ঐতিহাসিক চিপাহী বিদ্ৰুহ নিয়ন্ত্ৰণৰ স্বাৰ্থত ব্ৰিটিছে প্ৰতিষ্ঠা কৰা এইখন ৰাজ্যখনৰ অন্যতম পুৰণি থানা হিচাবে অসম আৰক্ষীৰ ইতিহাসত বৰ্ণিত আছে। বিগত ১৬৬ বছৰীয়া স্বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ এইখন থানাৰ নৱনির্মিত ভৱনৰ  বুধবাৰে শুভ উদ্বোধন কৰা হয়। অসম আৰক্ষীৰ হাউচফেডৰ জৰিয়তে "মৈত্ৰী" আঁচনিৰ অধীনত নিৰ্মিত এই সুবিশাল আৰু সু দৃশ্যমান থানা ভৱনতো উদ্বোধন কৰে অসম আৰক্ষীৰ উত্তৰ অসম মণ্ডলৰ আৰক্ষী মহা পৰিদৰ্শক বিজয় কুলি গামে।

Advertisment

বুধবাৰে পুৱা ১২.০৫ বজাত ঢকুৱাখনা থানাত উপস্থিত হোৱা মহা পৰিদৰ্শক কুলি গামক আৰক্ষী বিভাগৰ চালামীৰে আদৰণি জনোৱা হয়। ইয়াৰ পাছতে গায়ন-বায়ন, উৰুলি আৰু মংগল ধ্বনিৰ মাজত নৱনিৰ্মিত ভৱনৰ সন্মুখত নাৰিকল ভাঙি, ফিটা কাটি মুখ্যদ্বাৰ খুলি ভৱনৰ শুভ উদ্বোধন কৰে কুলি গামে।

লখিমপুৰ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্য্যালয়) মুনিন্দ্ৰ নাথ দেউৰী, লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) লৱ কুমাৰ ডেকা, উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্য্যালয়) দেৱেন বৰাসহ অন্যান্য শীৰ্ষ আৰক্ষী বিষয়া বৰ্গ, ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা আদিৰ লগতে গাঁওৰক্ষী বাহিনীৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তা, নাগৰিক সমিতিৰ বিষয়ববীয়া, নাগৰিক সমাজ উপস্থিত থাকে।

থানাখনৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া  কুলদ্বীপ গগৈ, জ্যেষ্ঠ উপ-পৰিদৰ্শক দীনেশ মেধি আদিৰ সহযোগত  নৱনিৰ্মিত ভৱনৰ ফিটা কাটি কুলি গামে উদ্বোধন কৰি উপস্থিত ৰাইজৰ সৈতে সৌহাদ্যমূলক মত বিনিময় কৰে। উত্তৰ অসম মণ্ডলৰ মুৰব্বী আৰক্ষী বিষয়া কুলি গামে ৰাইজৰ মুখেৰে আৰক্ষী বিভাগৰ অভাৱ সমস্যাৰ বুজ লয় আৰু পৰামৰ্শ প্ৰদান কৰে।

উদ্বোধনী অনুষ্ঠানত উপস্থিত ডি আই জি, এছ পিক, এ এছ পিক গাঁওৰক্ষী বাহিনী, স্থানীয় ব্যক্তি সংগঠনৰ তৰফৰ পৰা গামোচা, চেলেং চাদৰ আৰু গছ পুলিৰে আদৰণি জনোৱা হয়। ইপিনে গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা ডি আই জি গৰাকীক বিগত ১৭ মাহ ধৰি মাননী লাভ নকৰা আৰু এটা স্থায়ী কাৰ্য্যালয় স্থাপন নোহোৱা সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

Also Read: কি আছিল সেই দৃশ্য, যি দৃশ্য দেখি শিখৰ ধাৱানে ক'লে- Pakistan & fielding never ending love story

dhakuakhona