ঢকুৱাখনাত 'ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযান'ৰ কুইজ প্ৰতিযোগিতা সম্পন্ন

ঢকুৱাখনাত 'ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযান'ৰ কুইজ প্ৰতিযোগিতা সম্পন্ন

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অংশ হিচাবে ধেমাজি জিলাৰ গোগামুখ মহাবিদ্যালয়ত শনিবাৰে ধেমাজি জিলাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত ২৯টা মণ্ডলৰ নিৰ্বাচিত বিদ্যালয়সমূহৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উচ্চ আৰু মাধ্যমিক দুটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত উচ্চ প্ৰাথমিকত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে আৰু মাধ্যমিক শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰতিযোগীসকলৰ মাজত প্ৰথমে লিখিত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

লিখিত প্ৰতিযোগিতাৰ পৰা দুয়োটা শাখাতে সৰ্বোচ্চ নম্বৰ লাভ কৰা ৬টা দলক চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচন কৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দি. কে. ঝাই প্ৰতিযোগিতাখন উদ্বোধন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ বাবে কুইজৰ দৰে প্ৰতিযোগিতাত অনুষ্ঠিত কৰিলেহে যুৱ প্ৰজন্মৰ বৌদ্ধিক বিকাশ ত্বৰাণিত হ'ব বুলি কয়।

প্ৰতিযোগিতাৰ উচ্চ প্ৰাথমিক শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চয়নিকা মালা আৰু জোনালী চেতিয়াৰ দলে। দ্বিতীয় স্থান লাভ কৰে সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৰুণ ধাকাল আৰু লোহিত বস্তলাৰ দলে। তৃতীয় স্থান লাভ কৰে বেৰভাঙা পাব্লিক মধ্য ইংৰাজী বিদ্যালয়ৰ চুমিত্ৰা নাথ আৰু ভাৰ্গব চুতীয়াৰ দলে।

মাধ্যমিক শাখাত প্ৰথম স্থান লাভ কৰে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বুলবুল বৰা আৰু পেটেল চুংক্ৰাংৰ দলে। দ্বিতীয় স্থান লাভ কৰে তুলসীবাৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনকুৰ পেগু আৰু সুৰজ ৰাজ চুতীয়াৰ দলে। তৃতীয় স্থান লাভ কৰে নিহাৰিকা দত্ত আৰু ৰেখা কাকতিৰ দলে।

ধেমাজি জিলা শিক্ষা বিষয়া কবিতা ডেকাই প্ৰতিযোগিতাত বিজয়ী প্ৰতিটো দললৈ শুভেচ্ছা জনোৱাৰ লগতে কুইজৰ জৰিয়তে শৈক্ষিক আৰু বৌদ্ধিক জীৱনৰ বহু সফলতা কি দৰে অর্জন কৰিব পৰা যায় সেই বিষয়ে শিক্ষাৰ্থী সকলৰ আগত অবলোকন কৰে।

৩ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয় সমূহৰ শিক্ষাগুৰু সকল উপস্থিত থকা অনুষ্ঠানটোত জিলা আঁচনি বিষয়া অৰুনিম দুৱৰা, খণ্ড মিছন সমন্বয়ক নিৰণ দত্ত, জিলা এফ এল এন পৰামৰ্শ দাতা ৰশ্মি দলে, খণ্ড সমল ব্যক্তি প্ৰণতি দেৱীৰ লগতে সকলো মণ্ডল সমন্বয়ক উপস্থিত থাকে।

কুইজ প্ৰতিযোগিতাখনৰ কুইজ মাষ্টাৰ হিচাপে দায়িত্ব পালন কৰে ক্ৰমে নিম্ন শাখাত মহৰীকেম্প উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিমল স্বৰ্গীয়াৰী, শলখবাৰী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ গোস্বামী আৰু মাধ্যমিক শাখাত গোগামুখ মহাবিদ্যালয়ৰ প্ৰবক্তা ক্ৰমে অংকুৰ ৰঞ্জন ফুকন আৰু নৱ জ্যোতি গগৈয়ে।

খণ্ড সমল ব্যক্তি মুকুল সূতে পৰিচালনা কৰা সমগ্ৰ অনুষ্ঠান আৰু প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিটো দলকে একোখনকৈ প্রশংসা পত্ৰৰ লগতে উপহাৰ টোপোলা প্ৰদান কৰা হয়। অন্যহাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে একোখনকৈ প্ৰসংশা পত্ৰ প্ৰদান কৰা হয়।

ঢকুৱাখনাত 'ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযান'ৰ কুইজ প্ৰতিযোগিতা সম্পন্ন
শোকাৱহ : ৰোগীয়া ভাতৃৰ খবৰ লৈ উভতাৰ পথতে দুৰ্ঘটনাত নিহত জ্যেষ্ঠ ভাতৃ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in