ঢকুৱাখনাত বিহুৱতী নিৰ্বাচনৰ পৰা বঞ্চিত নাচনীৰ ক্ষোভ...

ৰঙালী বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিটো বিধানসভা সমষ্টিত নাচনী, ঢুলীয়াৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ । কিন্তু শেহতীয়া ভাবে ঢকুৱাখনাৰ এই বিহুৱতী নিৰ্বাচন প্ৰক্ৰিয়াটোৰ নিকা আৰু স্বচ্ছতাকলৈ গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছে
অভিযোগকাৰী যুৱতী
অভিযোগকাৰী যুৱতী

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰঙালী বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিটো বিধানসভা সমষ্টিত নাচনী, ঢুলীয়াৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ । ঢকুৱাখনাৰ ফাট বিহু বাকৰিতো প্ৰথম লানি প্ৰশিক্ষণ সম্পন্ন হৈ গল দুই শতাধিক বিহুৱা বিহুৱতীৰ অংশগ্ৰহনেৰে । কিন্তু শেহতীয়া ভাবে ঢকুৱাখনাৰ এই বিহুৱতী নিৰ্বাচন প্ৰক্ৰিয়াটোৰ নিকা আৰু স্বচ্ছতাকলৈ গুৰুতৰ প্ৰশ্ন উত্থাপিত হৈছে ।

বিগত ২৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ প্ৰায় ৭ টা দিন ধৰি নিৰৱছিন্নভাবে প্ৰশিক্ষণ গ্ৰহণ কৰি মুৰকত  চূড়ান্ত নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হোৱা এগৰাকী নাচনীয়ে এই নিৰ্বাচনী প্ৰক্ৰিয়াতোৰ স্বচ্ছতাকলৈ  গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।

দীক্ষিতা দিহিঙীয়া নামৰ এগৰাকী নাচনীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি তেওঁ নিৰ্ধাৰিত সকলো কেইটা দিন ঢকুৱাখনা ফাট বিহু বাকৰিত অনুষ্ঠিত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ অন্তত  চূড়ান্ত নাচনীৰ তালিকাত দীক্ষিতা দিহিঙীয়াৰ নাম নহাত ক্ষোভত ভাগি পৰিছে  নাচনী গৰাকী ।

দিহিঙীয়াই অভিযোগ কৰা অনুসৰি ধেমাজি জিলাৰ নৰোৱা থানৰ পৰা দৈনিক অহা যোৱা কৰি প্ৰশিক্ষণ গ্ৰহণৰ অন্তত স্থানীয় ভাবে নিৰ্বাচিত হোৱাৰ পাছত বিভাগীয় পৰ্টেলতো দিহিঙীয়াৰ নাম অন্তৰ্ভুক্ত হৈছিল । প্ৰয়োজনীয় সকলো নথিপত্ৰ সহ বিভাগীয় পৰ্টেলত আবেদন কৰাৰ পাছতো কি কাৰণত চূড়ান্ত তালিকাৰ পৰা দিহিঙীয়াৰ নাম কৰ্তন কৰা হল তাক লৈ চিন্তিত সম্ভাৱনাময়ী নাচনী গৰাকী ।

বঞ্চিতা দিহিঙীয়াই বুধবাৰে সংবাদ মাধ্যমৰ আগত জনাই যে ধেমাজি জিলাৰ অন্তৰ্গত বাসিন্দা হোৱাৰ বাবে কাৰিকৰী অসুবিধা হোৱাৰ আশংকা কৰি এই সন্দৰ্ভত "মাষ্টাৰ ট্ৰেইনাৰ" দীপক দাস আৰু বৰষা বৰগোঁহাইক পূৰ্বে বহুবাৰ জনাইছিল দীক্ষিতাই ।

এই দুই "মাষ্টাৰ ট্ৰেইনাৰে" কোনো অসুবিধা নাই বুলি আশ্বস্ত কৰি লখিমপুৰ জিলা সদৰ আৰু গুৱাহাটীৰ কাৰ্যসূচীত যোগদানৰ নিশ্চয়তা প্ৰদান কৰা বুলি প্ৰবঞ্চিতা দীক্ষিতাই জানিবলৈ দি এতিয়া কিয় চূড়ান্ত যোগদানকাৰীৰ তালিকাত নাম নোহোৱা হল তাৰ কাৰণ বিচাৰি ঢকুৱাখনা আৰক্ষীৰো কাষ চাপে ।

আৰক্ষী থানাত দুয়োগৰাকী 'মাষ্টাৰ ট্ৰেইনাৰ" উপস্থিত হৈ কোনো সুউত্তৰ নিদি বৰঞ্চ জিলা প্ৰশাসনৰ সতে যোগাযোগ কৰাৰহে পৰামৰ্শ দিয়ে। বঞ্চিতা নাচনী দিহিঙীয়াই প্ৰথমতে সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰি পৰৱৰ্তী সময়ত কিয়  অপাৰগতা প্ৰকাশ কৰিলে ইয়াৰ উচিত বিচাৰৰ দাবী জনাইছে ।

তাৰোপৰি একাংশ অংশগ্ৰহনকাৰীৰ অনভিজ্ঞ, কোনোধৰণৰ  অভিজ্ঞতাৰ প্ৰমানপত্ৰ  নোহোৱা স্বত্তেও ঢকুৱাখনাৰ এগৰাকী "মাষ্টাৰ ট্ৰেইনাৰে" বক্রপথেৰে এনে জালিয়াতিপূৰ্ণ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ  যোগান ধৰি এই বিহুকলৈ নিৰ্লজ বেহা চলাই অহাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিতা যুৱতীগৰাকীয়ে । এনে দেধাৰ স্পৰ্শকাতৰ অভিযোগত নিমৰ্জিত এই চূড়ান্ত তালিকাকলৈ সূত্ৰপাত ঘটা বিতৰ্কৰ সন্দৰ্ভত জিলা প্ৰশাসনে কি ইতিবাচক ভূমিকা গ্ৰহণ কৰে তালৈ বঞ্চিতা নাচনী গৰাকীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে।

অভিযোগকাৰী যুৱতী
নগাঁৱত চিটুৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in