ঢকুৱাখনা ৰাজহুৱা খেলপথাৰ উন্নয়নৰ নামত আৱণ্টিত পুঁজিৰ অপব্যৱহাৰ

ঢকুৱাখনা ৰাজহুৱা খেলপথাৰ উন্নয়নৰ নামত আৱণ্টিত পুঁজিৰ অপব্যৱহাৰ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা ৰাজহুৱা খেলপথাৰ উন্নয়নৰ নামত আৱণ্টিত পুঁজিৰ অপব্যৱহাৰ

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনাৰ ক্ৰীড়া জগতৰ স্মৃতি বিজড়িত এখন খেলপথাৰ । অতীজতে চৰকাৰী এম ভি স্কুল খেলপথাৰ হিচাপে পৰিচিত এইখন বৃহৎ খেলপথাৰ পৰৱৰ্তী সময়ত ৰাজহুৱা খেলপথাৰ হিচাপে মহকুমা প্ৰশাসনলৈ হস্তান্তৰিত হ'ল ।

Advertisment

ঢকুৱাখনা সদৰত অৱস্থিত এইখন চৰকাৰী খেলপথাৰ আজিৰ সময়ত পূৰ্বৰ খেলৰ গৰিমা আৰু ধাৰাবাহিকতা টুটি অহা পৰিলক্ষিত হৈছে । পৰ্য্যাপ্ত ক্ৰীড়া উপযোগী আন্তঃগাঁঠনি উপলব্ধ নোহোৱাৰ বাবে খেলাতকৈ মেলাৰহে প্ৰাদুৰ্ভাৱ ঘটা এইখন একমাত্ৰ চৰকাৰী খেলপথাৰ সম্প্ৰতি চৰ্চালৈ আহিছে ।

এইবাৰ চৰ্চাৰ কাৰণ হৈছে খেলপথাৰখনৰ উন্নয়নৰ নামত আৱণ্টিত পুঁজিৰ অপব্যৱহাৰ । জানিব পৰা মতে ঢকুৱাখনা পৌৰসভাৰ পুঁজিৰ পৰা প্ৰায় ৭ লাখ টকা আবন্টন দিয়া হৈছিল এইখন  ক্ৰীড়াৰ অনুপযোগী খেলপথাৰৰ পৃষ্ঠভাগ ন্যূনতম একফুট পৰ্যন্ত ওখকৈ মাটি পেলাই এক মসৃণ পৃষ্ঠ নিৰ্মাণৰ বাবে ।

ৰাজপথৰ দাঁতিৰ পৰা খেলপথাৰৰ পাছফালৰ নৰ্মাল স্কুলৰ দিশলৈ  ঈর্ষত হেলনীয়া কৰি এই অংশত এটা নলা নিৰ্মান কৰি খেলপথাৰৰ পানী এই নলাৰে বৰ্হিগমন কৰাৰ বাবে সূকীয়াকৈ প্ৰায় ১০ লাখ টকা একেটা প্ৰাককলনতে নিৰ্ধাৰণ কৰা হৈছিল । সেই অনুক্ৰমে খেলপথাৰ উন্নয়নৰ এই আঁচনি ৰূপায়ণৰ কৰ্তৃত্ব পৌৰসভাই বাখৰ দাস নামৰ এজন ব্যক্তিক প্ৰদান কৰে । 

ঠিকাদাৰগৰাকী পৌৰপতি ৰাজীৱ দাসৰ অতি ঘনিষ্ঠই নহয় গেৰুৱা দলৰো এজন নেতা । যোৱা প্ৰায় ১০দিনৰ পূৰ্বে এই কামৰ আৰম্ভ কৰা ঠিকাদাৰ দাসৰ কামৰ নমুনা আৰু অগ্ৰগতি দেখি স্তম্ভিত হৈছে ক্ৰীড়াপ্ৰেমীৰ লগতে নাগৰিক সমাজ ।

অত্যন্ত অবিবেচকী নীতিৰে ঠিকাদাৰজনে বালিমাটি পেলাই আৰম্ভ কৰা বেপৰোৱা পদক্ষেপ দেখি নাগৰিক আৰু ক্ৰীড়াপ্ৰেমী সকলে আশ্চৰ্য প্ৰকাশ কৰে । চৰকাৰী আঁচনিৰ ক্ৰুটিপূৰ্ণ ৰূপায়ন কৰি পুঁজিৰ অপচয় কৰাৰ এয়া এক পাং বুলি সন্দেহ প্ৰকাশ কৰি ৰাইজে মুকলি সমালোচনা আৰম্ভ কৰিছে ।

কামৰ পূৰ্বে  ঠিকাদাৰজনে খেলপথাৰত থকা ঘাঁহ, অপতৃণ , গছ আদি উঠাই ,উভালি , প্ৰাথমিক পৃষ্ঠভাগ খান্দি পুনৰ ৰুলিং কৰি মাটি বালি পেলোৱাৰ পৰিবৰ্তে এফালৰ পৰা মাটি বালি পেলাই পালমৰা কাম চলাই গৈছে । এখন গুৰুত্বপূৰ্ণ খেলপথাৰৰ ক্ৰীড়াৰ উপযোগীকৈ উন্নয়ন কৰাৰ পৰিবৰ্তে  ঠিকাদাৰী মনোবৃত্তিৰে আৱণ্টিত পুঁজিলৈ লুলোপ দৃষ্টি দি আৰম্ভ কৰা এনে অপৰিপক্ক কামৰ নমুনা দেখি মহকুমাধিপতিৰ হস্তক্ষেপ আৰু  দৃষ্টিগোচৰ  দাবী কৰে বহু কেইগৰাকী বিশিষ্ট নাগৰিকে ।

পৌৰসভাৰ অদক্ষ কাৰ্যবাহী বিষয়া নয়ন নাথৰ এইক্ষেত্ৰত সোপাধিলা আৰু দৰদী ভূমিকাৰ সুযোগ লৈ ঠিকাদাৰজনে অব্যাহত ৰখা ক্ৰুটিপূৰ্ণ উন্নয়নমূলক কামৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰিছে মহকুমাধিপতি কাৰ্ত্তিক কলিতাই । আঁচনি ৰূপায়নৰ বেলিকা কোনো ধৰণৰ অনিয়ম সহনীয় নহয় বুলি স্পষ্টভাৱে সকীয়াই দি কামৰ নিখুঁত ৰূপায়ন কৰাৰ বাবে পৌৰসভাক কঠোৰ নিৰ্দেশ দিছে ।

যাৰ বাবে পৌৰসভাৰ থৰকাচুটি হেৰাইছে । এই ক্ষেত্ৰত জিলা ক্ৰীড়া সন্থাৰো নিখুঁত নিয়মীয়া তদাৰকীতাৰ নিৰ্দেশ দিছেমহকুমা প্ৰশাসনে । যাৰ পৰিণতিত সান্দহ খোৱা বালি তল যোৱাৰ উপক্ৰম ঘটিছে ঠিকাদাৰ আৰু পৌৰসভাৰ  মুষ্টিমেয় শীর্ষ চক্ৰৰ।

পৌৰপতি ৰাজীৱ দাসৰ একান্ত ঘনিষ্ঠ হোৱাৰ বাবেই এইজন বেপৰোৱা ঠিকাদাৰৰ এনে মুকলি ক্ৰুটিপূৰ্ণ কামৰ বিৰুদ্ধে পৌৰ কাৰ্যবাহী বিষয়াই ভিজা মেকুৰীৰ ভাও লোৱাত বিতুষ্ট ক্ষুব্ধ নগৰবাসী আৰু ক্ৰীড়াপ্ৰেমী । নগৰ পৰিষ্কৰণৰ নামত খাটিখোৱা ,ৰাজহ প্ৰদানকাৰী ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ দোকান পোহাৰ খেদি খেদি ভাঙি তাণ্ডৱ চলোৱা মানৱতাহীন এইজন বিষয়াৰ চকুৰ আগতে সংঘটিত এই অনিয়মত মুক বধিৰৰ ভূমিকা লোৱাটোৱেই  বিষয়াজনৰ প্ৰকৃত স্বৰূপ উন্মোচিত কৰিছে জনদৃষ্টিত ।

অন্যহাতে বিভাগীয় সূত্ৰই জনোৱা মতে সমাগত ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি খেলপথাৰৰ উন্নয়ন আঁচনিৰ কাম সাময়িক ভাৱে স্থগিত ৰখা হৈছে । ১৫ আগষ্টৰ পাছত সঠিক ভাবে আঁচনিখন ৰূপায়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । স্মৰ্তব্য যে আগত সময়ত সঠিক নে ক্ৰুটিপূৰ্ণ কি পন্থাৰে আধৰুৱা আঁচনিৰ কাম পুনৰাম্ভ কৰে সেয়া লক্ষণীয় হ'ব ।

Also Read: ইটোৰ পাছত সিটো বিতৰ্কত সাঙোৰ খাইছে ওদালগুৰি অসামৰিক চিকিৎসালয় : পঢ়ক সবিশেষ

dhakuakhana