ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সূতা বিতৰণ...

ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সূতা বিতৰণ...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সূতা বিতৰণ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বুধবাৰে গ্ৰাম্য দৰিদ্ৰ হিতাধিকাৰীসকলৰ মাজত সামগ্ৰী বিতৰণ কৰা হয়। পৰিষদৰ পূৱ ঢকুৱাখনা সমষ্টিৰ সাধাৰণ সদস্য তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ তৎপৰতাত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।

২১ নং পূৱ ঢকুৱাখনা মাতমৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পূৱ ঢকুৱাখনা পঞ্চায়তৰ ১৫০গৰাকী হিতাধিকাৰীক তাৰপলিন ,সূতা আদি বিনামূলীয়াকৈ যোগান ধৰা হয় এম এ চিৰ তৰফৰ পৰা।

পূৱ ঢকুৱাখনাত অনুষ্ঠিত এই কাৰ্যসূচীত মিচিং জাতীয় সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সদস্য দীপাঞ্জল দলে , সমষ্টিৰ আহ্বায়ক জ্যোতিষ পেগু , গণশক্তি দলিৰ ঢকুৱাখনা খণ্ড শক্তিৰ সভাপতি লক্ষ্যনাথ দলে ঢকুৱাখনা জিলা টি এম পি কেৰ সম্পাদক অমৰজিৎ দলে, ঢকুৱাখনা জিলা সমিতিৰ সদস্য ক্ৰমে অমৃত দলে, মৃদুল দলে, প্ৰদীপ দলে, বলোৰাম পাংগিং, বসন্ত লাগাছু, চিত্ৰজিৎ দলে, মুকুল লাগাছু ,ভদ্ৰ টাইদ, ঘন কুলি আদি উপস্থিত থাকে ।

Also Read: NEET-UG পৰীক্ষা কেলেংকাৰীক লৈ আজি নহয় শুনানিঃ ১৮ জুলাইলৈ কৰিব লাগিব অপেক্ষা...

dhakuakhana missing community