ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ দাবী দিৱস পালন...

শুকুৰবাৰে মিচিং জাতীয় সংগঠনৰ উদ্যোগত পালন কৰা হয় জাতীয় দাবী দিৱস । মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিন কৌবাং, টাকাম মিচিং মিমে কৌবাং আৰু মিচিং মিমাগ কৌবাংৰ উদ্যোগত ৫ মে'ৰ দিনটো পালিত হৈ আহিছে জাতীয় দাবী দিৱস হিচাবে

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ দাবী দিৱস পালন...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ শুকুৰবাৰে মিচিং জাতীয় সংগঠনৰ উদ্যোগত পালন কৰা হয় জাতীয় দাবী দিৱস । মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিন কৌবাং, টাকাম মিচিং মিমে কৌবাং আৰু মিচিং মিমাগ কৌবাংৰ উদ্যোগত ৫ মে'ৰ দিনটো পালিত হৈ আহিছে জাতীয় দাবী দিৱস হিচাবে।

Advertisment

জাতীয় দাবী দিৱসত বহু কেইটা জনগোষ্ঠীটোৰ উন্নয়নক লৈ দাবী উত্থাপন কৰিছে । মিচিং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণ, মিচিং ভাষাক  নতুন শিক্ষা নীতিৰ আধাৰত মিচিং অধ্যুষিত এলেকাত অৱস্থিত প্ৰাথমিক বিদ্যালয় সমূহত মিচিং ভাষাক মাধ্যম হিচাবে প্ৰয়োগ কৰা, মিচিং  জাতিয় লোক উৎসৱ আলি আয়ে লৃগাংৰ দিনটো ৰাজ্যিক বন্ধ হিচাবে ঘোষণা কৰা আদি দাবী কৰি আহিছে ।

তদুপৰি ভাৰতীয় সংবিধানত লিপিবদ্ধ 'মিৰি' শব্দটো বাতিল কৰি 'মিচিং' শব্দ অন্তৰ্ভুক্ত কৰা,  বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, সকলো গ্ৰামাঞ্চলত বৈদ্যুতিকৰণ কৰা, ব্ৰহ্মপুত্ৰৰ ওপৰত দিচাং টেকেলিফুটা দলং নিৰ্মাণ কৰা আদি বিভিন্ন দাবী উত্থাপনেৰে আজি পালন কৰা হয় জাতীয় দাবী দিৱস ।

তাৰেই পৰিপ্ৰেক্ষিতত আজি ঢকুৱাখনা জিলা টাকাম মিচিং পৰিণ কৌবাং, টাকাম মিচিং মিমে কৌবাং আৰু মিচিং মিমাগ কৌবাংৰ উদ্যোগত জাতীয় দাবী দিৱসটো পালন কৰা হয় ।

ৰাজ্যখনৰ অন্যতম দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠীটোৰ সংবিধান প্ৰদত্ত নাৰ্য মৌলিক অধিকাৰসমূহ তাৎক্ষণিক প্ৰদানৰ দাবী জনাই প্ৰতিবছৰে পালন কৰি অহা এই দাবী দিৱসৰ

সতে সংগতি ৰাখি শনিবাৰে ঢকুৱাখনা মহকুমাৰ সহকাৰী আয়ুক্ত মানৱ জ্যোতি দাসক এখন এখন দাবী পত্ৰ প্ৰদান কৰা হয় ।

জাতীয় সংগঠনটোৰ কেন্দ্ৰীয় বিষয়ববীয়া যতীন পেগু, ক্ষীৰোদ পেগু, নাথুৰাম পেগু, জিলা বিষয়ববীয়া সঞ্জীৱ দলে, দীপেন দলে, জিলা নেতৃত্ব অমৰজিত দলে, গণেশ দলে, নিশা পাতিৰ, বালাজ্যোতি দলে আদিৰ সহযোগত যোৱা এটা সঁজাতি দলে মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ সহকাৰী আয়ুক্ত গৰাকীক সাক্ষাৎ কৰি সংগঠন কেইটাৰ উমৈহতীয়া দাবীপত্ৰ প্ৰদান কৰি যাৱতীয় কার্যব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় ।

Also Read: যাৰ নাই কোনো সীমা-পৰিসীমা, সিয়েই মুক্তাগাৰ

Demand Day Mising organization mising tribe