ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ খহনীয়া প্ৰতিৰোধ আঁচনি শুভাৰম্ভ

ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ খহনীয়া প্ৰতিৰোধ আঁচনি শুভাৰম্ভ

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা নগৰৰ মাজেৰে প্ৰবাহিত চাৰিকড়ীয়া নদীৰ  ভয়াবহ আগ্ৰাসনে ঢকুৱাখনা নগৰবাসীৰ ভৌগলিক অস্তিত্ব সংকুচিত কৰি আহিছে ।  নদীখনৰ ধাৰাবাহিক গৰা খহনীয়াই জনজীৱন সংকতাপূৰ্ণ কৰি অহাৰ সময়তে নদীখনৰ ম'হঘুলি চাপৰিৰ অংশৰ স্থায়ী সুৰক্ষিত কৰাত গুৰুত্ব প্ৰদান কৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদে ।

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ জলসম্পদ বিভাগৰ ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ প্ৰায় ১০ লাখ পুঁজিৰে নদীখনৰ ম'হঘুলি চাপৰিৰ খহনীয়াগ্ৰস্ত এলেকা সুৰক্ষিত কৰাৰ এক সময়োপযোগী আঁচনিৰ মঙ্গলবাৰে শুভাৰম্ভ কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে। দুপৰীয়া অঞ্চলবাসী ৰাইজৰ উপস্থিতিত পেগুৱে খহনীয়া বিধস্ত এলেকাত উপস্থিত হৈ প্ৰায় ১০ লাখ ব্যয়সাপেক্ষ আঁচনিখনৰ জনগোষ্ঠীয় লোক পৰম্পৰা "পীৰ" কাটি শুভাৰম্ভ কৰে ।

অনুষ্ঠানত উপস্থিত থাকে বিউটি পেগু,ঢকুৱাখনা জলসম্পদ উপ সংমণ্ডলৰ সহকাৰী অভিযন্তা চিত্ৰ পেগু,মিচিং জাতীয় সংগঠন টাকাম মিচিং মিমে কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ নেত্ৰী সৰল পেগু দলে,শিৰোমণি দলে,জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক ৰাজীৱ দলে,দীপাঞ্জল দলে আদি। আঁচনিৰ শুভাৰম্ভ কৰি অধ্যক্ষ পেগুৱে জলসম্পদ বিভাগৰ কাৰিকৰী নিৰ্দেশনা আৰু সহযোগিতাত অঞ্চলটোৰ  খহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত ভাবে পাৰ্কুপাইনৰ সংস্থাপনৰ ব্যৱস্থা প্ৰয়োগ কৰিব বুলি জানিবলৈ দিয়ে ।

ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ খহনীয়া প্ৰতিৰোধ আঁচনি শুভাৰম্ভ
সামাজিক মাধ্যমত ট্ৰ'লৰ সন্মুখীন যতীন বৰাৰ 'ৰাঘৱ' : আৰক্ষীৰ কাষ চাপিল প্ৰযোজকগৰাকী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in