/asomiyapratidin/media/media_files/2025/04/05/e0h4i4q4rFHffHmr0DCL.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদত মিনাক্ষী গগৈক নিযুক্তি দিয়া হৈছে। শনিবাৰে লখিমপুৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী প্ৰভাতী ধদৰাইৰ এক নিৰ্দেশনা যোগে প্ৰবীণ মহিলা নেত্ৰী গগৈক এই গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়া হৈছে ।
উল্লেখযোগ্য যে বিগত প্ৰায় ৭ বছৰ ধৰি ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি পদ ধাৰাবাহিক হাৰত কুক্ষীগত কৰি ৰখাৰ অন্তত ব্লকটোৰ গৰিষ্ঠ সংখ্যক নেতা কৰ্মীৰ দাবীৰ পৰিপ্ৰেক্ষিতত তৰুণ চেতিয়াক অপসাৰণ কৰি সত্য চমুৱাক অসম প্ৰদেশ কংগ্ৰেছে ব্লক সভাপতি হিচাবে নিযুক্তি দিছিল। ইয়াতে ক্ষুণ্ণ হৈ ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি চেতিয়াৰ লগতে ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ইনামণি বৰুৱা আৰু অন্যান্যসকলে পদত্যাগ কৰিছিল ।
এই পদত্যাগৰ পাছতে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ অনুমোদন ক্ৰমে জিলা মহিলা কংগ্ৰেছ সমিতিৰ এক নিৰ্দেশনা যোগে ব্লক মহিলা কংগ্ৰেছৰ তদানীন্তন সম্পাদিকা মিনাক্ষী গগৈক সভানেত্ৰী হিচাবে নিযুক্তি দিয়ে। শনিবাৰে নৱনিযুক্ত সভানেত্ৰী গগৈক ব্লক কংগ্ৰেছৰ সভাপতি সত্য চমুৱাৰ নেতৃত্বত ৰাজীৱ ভৱনতসমূহ কৰ্মকর্তাই উষ্ণ আদৰণি জনাই কাৰ্যভাৰ অৰ্পণ কৰে।