ৰাজ্যজুৰি ৪ দিনৰ বাবে মধ্যাহ্ন ভোজন আঁচনিত লকডাউন

ৰাজ্যজুৰি ৪ দিনৰ বাবে মধ্যাহ্ন ভোজন আঁচনিত লকডাউন

ডিজিটেল সংবাদ ,ঢকুৱাখনা: কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি অহা ৪টা দিনৰ বাবে সম্পূৰ্ণ ৰূপে স্তব্ধ হ'ব অসমত। অহা ১ নৱেম্বৰৰ পৰা ৪ নৱেম্বৰলৈ ৰাজ্যখনত সম্পূৰ্ণৰূপে বন্ধ হব "পি এম পোষণ" অৰ্থাৎ মধ্যাহ্ন ভোজন প্ৰদানৰ ব্যৱস্থা। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ তৰফৰ পৰা এই ঘোষণা কৰি ৰাজ্যখনৰ কৰ্মৰত সমূহ ৰন্ধন কৰ্মীয়ে নিজ নিজ কৰ্তব্যৰ পৰা বিৰত থাকি নাৰ্য প্ৰাপ্য প্ৰাপ্তিৰ গণতান্ত্ৰিক সংগ্ৰামত ব্ৰতী হ'ব বুলি জানিবলৈ দিয়ে।

ইউনিয়নৰ নেতৃত্বই জানিবলৈ দিয়া মতে, নূন্যতম মজুৰি আইনৰ ভিত্তিত ৰন্ধন কৰ্মী সকলৰ মাহিলী মাননী ১০হাজাৰ টকা নিৰ্ধাৰণ কৰা, বছৰৰ ১২টা মাহেই খাটিখোৱা  ৰন্ধন কৰ্মীসকলক মাহিলী মাননী দিয়া ব্যৱস্থা প্ৰৱৰ্তন কৰা, মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ প্ৰচেষ্টা বাতিল কৰা, পুৱাৰ পৰা বিয়লিলৈকে বিদ্যালয়ত উপস্থিত থাকি সেৱা আগবঢ়াই অহা মধ্যাহ্ন ভোজনৰ কৰ্মী সকলৰ প্ৰাপ্য অনাদায় বকেয়া মাননী শীঘ্ৰে আদায় দিয়া, প্ৰতি মাহৰ মাননী পৰৱৰ্তী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আদায় দিয়া আদি বিভিন্ন দাবীৰ সমৰ্থনত অহা ১ নৱেম্বৰৰ পৰা ৪ নৱেম্বৰলৈ ৰাজ্য জুৰি প্ৰবঞ্চিত কৰ্মী সকলে প্ৰাপ্য প্ৰাপ্তিৰ গণতান্ত্ৰিক প্ৰতিবাদত জড়িত হোৱাৰ বাবে এই আঁচনিখন ৪টা দিনৰ বাবে স্তব্ধ হ'ব।  

ৰাজ্যিক সমিতিৰ ঘোষিত এই গণতান্ত্ৰিক প্ৰতিবাদৰ অংশ হিচাবে ৰাজ্যখনৰ সমূহ ৰন্ধন কৰ্মীয়ে উক্ত দিন কেইটাত পুৱা ৯ বজাৰ পৰা ৫ বজালৈ প্ৰতি জিলা সদৰৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব। ৰাজ্যিক সমিতিৰ নিৰ্দেশ মতে লখিমপুৰ জিলাৰ মুঠ ৬ টা শিক্ষা খণ্ডৰ মুঠ ৫ হাজাৰ ৭৩ গৰাকী ৰন্ধন কৰ্মীয়েও স্বাধীকাৰ বিচাৰি সাব্যস্ত কৰিব গণ প্ৰতিবাদ।

লখিমপুৰ জিলা সদৰৰ সমগ্ৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি জিলাখনৰ ৬টা শিক্ষা খণ্ডৰ ভুক্তভোগী কৰ্মীসকলে  ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিব। জিলা ইউনিয়নৰ সভানেত্ৰী জৈনভা খাতুন আৰু সম্পাদিকা  মায়াৱতী পাংগিংযে এক বিবৃত্তি যোগে জিলাখনৰ সকলো শিক্ষা খণ্ডৰ সমূহ ৰন্ধন কৰ্মীক উক্ত ৪টা দিনত বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ সেৱা সম্পূৰ্ণৰূপে বৰ্জন কৰি বাধ্যতামূলকভাৱে প্ৰতিবাদথলীত উপস্থিত থাকি শক্তিশালী ঐক্যবদ্ধ প্ৰতিবাদী কাৰ্যসূচীৰ অংশীদাৰ হোৱাৰ আহ্বান জনাইছে।

ৰাজ্যজুৰি ৪ দিনৰ বাবে মধ্যাহ্ন ভোজন আঁচনিত লকডাউন
সুদূৰ নৰৱেত বন্দে মাতৰমৰ প্ৰতিধ্বনি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in