Advertisment

ৰাজ্যত GST পৰিশোধৰ নামত বৃহৎ কেলেংকাৰীঃ চোভাছাৰিয়া ভাতৃদ্বয়ে লুটিলে ৩০০ কোটি !

লখিমপুৰৰ কৰ আয়ুক্ত আৰু কৰ অধীক্ষক কাৰ্য়ালয়ৰ SGST ৰ অধিক্ষক মনোজ কুমাৰ দুৱৰীয়ে পোহৰলৈ আনিছে  GST ৰ এক ভয়ংকৰ কেলেংকাৰী ৷  SGST ৰ ডাটা  পৰীক্ষণ কৰোঁতে পোহৰলৈ আহিল এই তথ্য ৷

author-image
Asomiya Pratidin
New Update
ৰাজ্যত GST পৰিশোধৰ নামত বৃহৎ কেলেংকাৰীঃ চোভাছাৰিয়া ভাতৃদ্বয়ে লুটিলে ৩০০ কোটি !

ডিজিটেল সংবাদ লখিমপুৰঃ লখিমপুৰৰ কৰ আয়ুক্ত আৰু কৰ অধীক্ষক কাৰ্য়ালয়ৰ এছ জি এছ টিৰ অধিক্ষক মনোজ কুমাৰ দুৱৰীয়ে পোহৰলৈ আনিছে  জি এছ টিৰ এক ভয়ংকৰ কেলেংকাৰী ৷  SGST ৰ ডাটা  পৰীক্ষণ কৰোঁতে পোহৰলৈ আহিল এই তথ্য ৷

Advertisment

আদি এন্টাৰপ্ৰাইজ আৰু অংকিত ছোভাচৰীয়া আৰু তেওঁৰ সহযোগী গীতাশ্ৰী গোস্বামী লগতে প্ৰীতম চোভাছাৰিয়াই অনলাইন জি এছ টিৰ ইন ভইচ ট্ৰেডিঙৰ জৰিয়তে ভুৱা চালান যোগান ধৰি আহিছে ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ ব্যৱসায়ীক ৷ প্ৰীতম আৰু অংকিত চোভাছাৰিয়াই গুৱাহাটীৰ ফাৰ্মে SGST পঞ্জীয়ন কৰি SGST পৰিশোধ কৰা দেখুৱাইছিল ।

সন্দেহ বশতঃ বিষয়াগৰাকীয়ে দুয়োখন ফাৰ্মক ফোন কৰি তেওঁলোকৰ ব্যৱসায়ৰ ওপৰত প্ৰাথমিক তদন্ত আৰম্ভ কৰে ৷ কিন্তু তদন্ত কালত এই ফাৰ্ম কেইখনে বাহিৰৰ ফাৰ্মৰ পৰা ইনভইচ অথবা ভুৱা ITC input tax credit লৈ তেনেধৰণৰ ইনভইচ বা আই টি চি অন লাইন যোগে তেওঁলোকে আন ফাৰ্মক দিয়ে ৷

সামগ্ৰী বিক্ৰী আৰু সেৱা আগনবঢ়োৱাকৈয়ে চোভাছাৰিয়া ভাতৃদ্বয়ে অন লাইনত আই টি চিৰ বেপাৰ কৰি ধন উপাৰ্জন কৰিছিল । ইয়াৰ ফলত বৃহৎ পৰিমান নগদ কৰ পৰিশোধৰ পৰা ৰেহাই পাইছিল ব্যৱসায়ীসকলে ৷

কিন্তু যিবোৰ ফাৰ্মৰ লগত ITC আদান প্ৰদান কৰিছে সেই ফাৰ্মৰ কোনো নিজা অস্তিত্ব ধৰা নপৰিল তদন্ত কালত ৷ ফলত বিষয়া জনে এই ঘটনা উত্তৰ অসমৰ তেজপুৰত থকা CGST ৰ আয়ুক্তক লিখিত ভাৱে জনায় ।

এমাহৰ পিছত GST ৰ চোৰাংচোৱা সঞ্চালক চমুকৈ ডি জি আইয়ে  বিষয়টো তদন্ত কৰি আদি এন্টাৰ প্ৰাইজ আৰু অংকিত চোভাচিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। যোৱা ৩১ ডিচেম্বৰত লখিমপুৰৰ সহকাৰী কৰ আয়ুক্ত আৰু অধীক্ষক কাৰ্যালয়ৰ ৰাজ্যিক জি এছ টিৰ অধীক্ষক মনোজ কুমাৰ দুৱৰীয়ে অসমীয়া প্ৰতিদিনক জনোৱা মতে চেন্ট্ৰেল জি এছ টি পৰিশোধত এয়া এক ভয়ংকৰ জালিয়াতি।  

বিভাগীয় বিষয়াক লিখিত ৰূপত জনোৱাৰ পাছত প্ৰীতম চোভাছাৰিয়া আৰু অংকিত চোভাছাৰীয়া জালত পৰিছে ৷ কিন্তু ইয়াৰ লগত এক বৃহৎ চক্ৰ জড়িত হৈ আছে ৷

মূলত ইনপুট টেক্স ক্ৰেডিট লাভৰ জৰিয়েত CGST ত এই বৃহৎ কৰ জালিয়াতি সংঘটিত হৈছে ৷ প্ৰায় তিনিশ কোটি টকাৰ GST ফাঁকি দিয়া হৈছে এনেদৰে ৷ একাংশ CGST ৰ বিষয়াৰ দ্বাৰা এই বৃহৎ জালিয়াতি সংঘটিত হোৱাৰ সন্দেহ হৈছে ৷

এই ঘটনাৰ সঠিক তদন্ত হ’লে বহু ভুৱা ITC বা INVOICE GST পৰিশোধৰ ক্ষেত্ৰত জালিয়াতি কৰা সকল পোহৰলৈ আহিব ৷ লগতে পোহৰলৈ আহিব প্ৰকৃত ব্যৱসায় নথকাকৈ অনলাইনত জি এছ টিৰ আই টি চি ব্যৱসায় কৰি চৰকাকৰক কৰ ফাঁকি দিয়াসকল।

জি এছ টি