বাইথ' সমাজৰ ৰূপালী জয়ন্তী উপলক্ষে "মা" অনুষ্ঠান : মুখ্য অতিথিৰূপে উপস্থিত সাদিন-প্ৰতিদিনৰ অধ্যক্ষ জয়ন্ত বৰুৱা

লখিমপুৰৰ এছাৰী খনাৰ লক্ষীৰাম নাথক শ্ৰৱণ কুমাৰ বঁটা প্ৰদান
বাইথ' সমাজৰ ৰূপালী জয়ন্তী উপলক্ষে "মা" অনুষ্ঠান : মুখ্য অতিথিৰূপে উপস্থিত সাদিন-প্ৰতিদিনৰ অধ্যক্ষ জয়ন্ত বৰুৱা

ডিজিটেল সংবাদ,ঢকুৱাখনা : ভূমিপুত্ৰ সোণোৱাল কছাৰীৰ লোক-সমাজত স্মৰণাতীত কালতেই স্থিতি লভা খ্ৰীং খ্ৰীং বাইথ’ পৰম্পৰা অসমৰ সাংস্কৃতিক জগতৰ অমূল্য সম্পদ। মূলতঃ কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰাৰে সম্পৃক্ত বগীনদী আঞ্চলিক বাইথ সমাজে গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বর্ষত পদাৰ্পণ কৰিলে ।

লখিমপুৰ জিলাৰ অন্তৰ্গত বগীনদীৰ বাইথ সমাজ এই যুগজয়ী গৰিমাণ্ডিত যাত্ৰাপথৰে আগুৱাই ৰূপালী জয়ন্তী বর্ষত উপনিত হোৱাৰ বৰেণ্য সন্ধিক্ষণত বর্ষযোৰা কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । অহা ২০২৪ চনৰ ১৮ ,১৯আৰু ২০ মাৰ্চত পৰিসমাপ্তি ঘটিব লগা এই জয়ন্তীৰ বর্ষযোৰা কাৰ্যক্ৰমণিকাৰ সতে সংগতি ৰাখি শনিবাৰে অনুষ্ঠিত কৰা হয় এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান । অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে সাদিন-প্ৰতিদিনৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই।

বগীনদীৰ গজাই মনাই ক্ষেত্ৰত শনিবাৰে আয়োজিত ৰূপালী জয়ন্তীৰ মনোজ্ঞ অনুষ্ঠানৰ অংশ হিচাবে "মা" অনুষ্ঠান অনুষ্ঠিত কৰা হয় । "মা" অনুষ্ঠানৰ ৩৩ সংখ্যক বর্ষপূৰ্তি উপলক্ষত অনুষ্ঠিতব্য এই কাৰ্যসূচীত জিলাখনৰ ২০০ গৰাকী পিতৃ আৰু ৪৩ গৰাকী মাতৃক আনুষ্ঠানিকভাৱে মান্যতা প্ৰদানেৰে প্ৰণিপাত জনোৱা হয়।

সাম্প্ৰতিক অবক্ষয়ী সমাজ ব্যৱস্থাত জন্মদাতা পিতৃ-মাতৃৰ প্ৰতি সন্তান শ্ৰদ্ধাশীল, আনুগত্যশীল আৰু বিনয়ী হোৱাৰ পৰম্পৰা প্ৰদর্শনেৰে যুৱ প্ৰজন্মক সজাগ কৰাৰ লক্ষ্য উদ্দেশ্যৰে বিগত ৩২ বছৰ ধৰি  ধাৰাবাহিকভাৱে এই "মা" অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে পৰিচালক গোবিন বৰদলৈয়ে। এইবাৰ এই ২৪৩ সংখ্যক অনুষ্ঠানৰ সৈতে ৰজিতা খুৱাই ২৪৩ গৰাকী পিতৃ মাতৃক সেৱা জনাই মান্যতা প্ৰদান কৰে পৰিচালক গোবিন বৰদলৈয়ে।

ইয়াৰোপৰি "মা" কৰ্তৃপক্ষৰ উদ্যোগত আগবঢ়োৱা ২০২৩ বর্ষৰ শ্ৰৱণ কুমাৰ বঁটা প্ৰদান কৰা হয়। লখিমপুৰৰ এছাৰী খনাৰ লক্ষীৰাম নাথক এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে অসমীয়া প্ৰতিদিনৰ মুখ্য সম্পাদক জয়ন্ত বৰুৱাই।

বঁটা প্ৰদান কৰি মুখ্য অতিথি বৰুৱাই চমু বক্তব্য আগবঢ়ায়। তেওঁ এই অনুষ্ঠানৰ আয়োজক সমিতিক কৃজ্ঞতা জনায়। আয়োজক সমিতিৰ লক্ষ্য আৰু উদ্দেশ্যৰ শলাগ লয়। অনুষ্ঠানটো কেৱল লখিমপুৰ বা বগী নদীতে সীমাবদ্ধ নাথাকি সমগ্ৰ দেশতে বিয়পি পৰক বুলি মন্তব্য কৰে। অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

শনিবাৰে পুৱা ১০-০০বজাত অনুষ্ঠানৰ মুখ্য অতিথি জয়ন্ত বৰুৱা,সম্বৰ্ধিত আই-মাতৃ-পিতৃসকলক সসন্মানে বড়ো সাহিত্য সভা ভৱনৰ পৰা গায়ন বায়নেৰে আদৰি গজাই মনাই ক্ষেত্ৰলৈ নিয়ে । অনুষ্ঠানৰ আঁত ধৰে বাইথ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মজিন সোণোৱালে। 

অনুষ্ঠানত মা অনুষ্ঠানৰ পৰিচালক গোবিন বৰদলৈয়ে অনুষ্ঠানৰ লক্ষ্য উদ্দেশ্য আৰু বাস্তৱিক অভিজ্ঞতা সম্পন্ন বক্তব্য আগবঢ়ায়। ইফালে সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিহু,বৃন্দ নৃত্যৰে জীপাল কৰি তোলা অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু কেইবা শতাধিক ৰাইজ উপস্থিত থাকে ।

বাইথ' সমাজৰ ৰূপালী জয়ন্তী উপলক্ষে "মা" অনুষ্ঠান : মুখ্য অতিথিৰূপে উপস্থিত সাদিন-প্ৰতিদিনৰ অধ্যক্ষ জয়ন্ত বৰুৱা
পৰ্যটকক ৰখাৰ বাবে সাজু হৈ উঠা নাই বিভাগৰ পৰ্যটক নিবাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in