প্ৰায় ৭০ শতাংশ ভোটদান লখিমপুৰ লোকসভা সমষ্টিত

প্ৰায় ৭০ শতাংশ ভোটদান লখিমপুৰ লোকসভা সমষ্টিত

author-image
Asomiya Pratidin
New Update
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিৰ ১১টা জোনাল আৰু ৭২টা চেক্টৰ বিষয়াক EVM, VVPATৰ প্ৰশিক্ষণ…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ ,ধেমাজি : শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সন্ধিয়া ৫ বজাত অন্ত পৰে।  অসমৰ ৫টা সমষ্টি  যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, শোনিতপুৰ আৰু লখিমপুৰত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।। লখিমপুৰ লোক সভা সমষ্টিত ভোট দানৰ হাৰ ৬৯.৩৪ শতাংশ।

Advertisment

উল্লেখ্য যে ৭৮ নং ধেমাজি বিধানসভা সমষ্টিত ১৯২ টা ভোট গ্ৰহন কেন্দ্ৰৰ বাবে ১৭২,৫৯৬ গৰাকী ভোটাৰক লৈ সমষ্টিটোত ৭০.৫২% শতাংশ ভোটদান সাৱস্ত হৈছে ৷ ইফালে ৭৯ নং চিচিবৰগাঁও বিধান সভা সমষ্টিৰ ২০১টা ভোট গ্ৰহন কেন্দ্ৰৰ বাবে ১৭৬,৪৫৩ গৰাকী ভোটাৰকলৈ অনুষ্ঠিত হৈছে।

ধেমাজি আৰু চিচিবৰগাঁও বিধান সমষ্টি দুটাত সামগ্ৰীকভাৱে ভোটদান শান্তি পূৰ্ণ হৈছে যদিও বহুকেইটা ভোট গ্ৰহন কেন্দ্ৰতে বিসংগতি হোৱা অভিযোগ উঠিছে ৷ অভিযোগ মতে ধেমাজি বিধান সভা সমষ্টিৰ অন্তৰ্গত ধেমাজি নগৰৰ ভৰালী চুক প্ৰাথমিক বিদ্যালয়ৰ ১৫২ আৰু ১৫৩ ভোট গ্ৰহন কেন্দ্ৰত কমল শইকীয়া নামৰ লোকজনে ভোটাৰ তালিকা বিসংগতি বাবে ভোট দিবলৈ গৈও বহু ঘন্টা ধৰি ৰৈ থাকিব লগা হয়।তাৰ পাছতো নামৰ বিসংগতিৰ বাবে ভোট দিয়াৰ পৰা বঞ্চিত হ'ব লগা হয় ৷

একেদৰে ভোট কেন্দ্ৰ দুটাত ভোটৰ তালিকাত ওলোৱা বিসংগতিৰ বাবে বহুকেইগৰাকী ভোটাৰ নাম মৃত ভোটাৰ হিচাপে প্ৰকাশ পোৱাৰ অভিযোগ উঠিছে।

ইফালে ১৮০ নং ধেমাজি আই.টি.আই. ভোটগ্ৰহণ কেন্দ্ৰত হোৱা ই ভি এমৰ বিসংগতিৰ বাবে নিৰ্ধাৰিত হৈ সময়তকৈ বহু পলমকৈ ভোট গ্ৰহণ আৰম্ভ কৰিব লগীয়া হয় ৷

আনহাতে ভোটদানৰ অন্তত ইভিএম মেচিন জমা দিবলৈ যোৱা ধেমাজি চেঙেলী পথাৰ ৰেচিডেন্সচিয়েল ট্ৰেইনিং চেন্টাৰ ১৪৮ ভোট গ্ৰহন কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়া দিপেন ফুকন নামৰ শিক্ষকজন অসুস্থ হৈ পৰে। যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়।

Also Read: গৌৰৱ নে তপনঃ কাৰ হাতলৈ যাব যোৰহাট?

loksabha election