/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b4c43faa-259d-4313-b3c2-e167c0b43f3a/Tree.jpg)
ডিজিটেল সংবাদ, লখিমপুৰ : ৭৪ সংখ্যক ৰাষ্ট্ৰীয় বন মহোৎসৱ উপলক্ষে সোমবাৰে লখিমপুৰৰ অৰুণাচল সীমান্তত প্ৰায় ২০ হাজাৰ গছপুলি ৰোপণ কৰা হয় ৷ অৰুণাচলীয়ে ধ্বংস কৰা কাকৈ, ৰঙা আৰু দুলুং বনাঞ্চলত এই গছপুলি ৰোপণ কৰে বন বিভাগে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/03b38657-a415-4431-8dad-7cf505a5d7c5/c34b2c47_0d55_4f2f_9c83_d375a97762d4.jpg)
যি ঠাইৰ বনাঞ্চল ধ্বংস কৰি বিগত সময়ত অৰুণাচলীয়ে নিজৰ বুলি দাবী কৰিছে সেই স্থানতেই এই গছপুলি ৰোপণ কৰা হয় ৷ লখিমপুৰৰ হাৰমতি আঞ্চলিক বনবিষয়া আৰু লখিমপুৰ আঞ্চলিক বনবিষয়াৰ নেতৃত্বত ৰামপুৰ, কিমিন, কাকৈ আৰু দুলং বনখণ্ডত এই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়িত কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/131c349b-853b-49a7-9adb-3267b2e543fe/c75cf506_080e_4a8b_9233_f3812d90fea0.jpg)
উক্ত গছপুলি ৰোপণ কাৰ্যসূচীত স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে গছপুলি অংশ গ্ৰহণ কৰে ৷
Also Read: ডাঃ সংগীতা-ৱালিউল কাণ্ড: অভিযোগনামা দাখিল...