লখিমপুৰ ছেইন্টমেৰিজ স্কুলত বিজ্ঞান আৰু কলা সমাৰোহ

লখিমপুৰ ছেইন্টমেৰিজ স্কুলত বিজ্ঞান আৰু কলা সমাৰোহ

author-image
Asomiya Pratidin
New Update
লখিমপুৰ ছেইন্টমেৰিজ স্কুলত বিজ্ঞান আৰু কলা সমাৰোহ

ডিজিটেল সংবাদ,লখিমপুৰঃ লখিমপুৰৰ অগ্ৰণী শিক্ষানুষ্ঠান ছেইন্টমেৰিজ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ আৰ্টনিকছ শীৰ্ষক কলা আৰু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হয়। এই সমাৰোহত বিদ্যালয় খনৰ চতুৰ্থ শ্ৰেণীৰ পৰা দ্বাদশ মানলৈ ছাত্ৰ-ছাত্ৰী সকলে সুকুমাৰ কলা আৰু বিজ্ঞান সমাৰোহত অংশ লয়।

Advertisment

প্ৰায় চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই সমাৰোহত ভাগ লয়৷ তদুপলক্ষে বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে পুৱা এক উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ বিদ্যালয়ৰ অধ্যক্ষ চোনিয়া যোছেফে উদ্বোধন কৰা সমাৰোহত মুখ্য অতিথি হিচাবে বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে অংশগ্ৰহণ কৰে ৷ এই সমাৰোহত প্ৰায় তিনি শতাধিকতকৈও অধিক বিজ্ঞানৰ উদ্ভাৱনী প্ৰকল্পৰ আৰ্হি প্ৰদৰ্শন কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷

Also Read: বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা

lakhimpur st. marys school