উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ লাট মণ্ডল

উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ লাট মণ্ডল

ডিজিটেল ডেস্কঃ ৰাজ্যত উৎকোচ লৈ গ্রেপ্তাৰ হ'ল আন এজন লাট মণ্ডল। লখিমপুৰৰ তিনিকোণীয়াৰ লাট মণ্ডলক উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্রেপ্তাৰ হোৱা মণ্ডলজনৰ নাম হেমেন্দ্র বৰা।

জানিব পৰা মতে ১ লাখ টকা উৎকোচ বিচাৰা হেমেন্দ্র বৰাই ইতিমধ্যেই ৫০ হাজাৰ টকা ইউ পি আই (UPI)ৰ জৰিয়তে লৈছিল। মাটিj ম্যাদী পঞ্জীয়ন তথা নামজাৰিৰ নামত ধন লোৱাৰ অভিযোগ হেমেন্দ্র বৰাৰ বিৰুদ্ধে।

বাকী থকা ৫০ হাজাৰ টকা আদায় ল’বলৈ যাওতেই আৰক্ষীয়ে গ্রেপ্তাৰ কৰে লাট মণ্ডলজনক। সম্প্ৰতি উত্তৰ লখিমপুৰ সদৰ আৰক্ষীৰ জিম্মাত আছে হেমেন্দ্ৰ বৰা।

উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ লাট মণ্ডল
আজি ছহীদ দিৱসঃ ভাৰত ত্যাগ আন্দোলনত ছহীদ অসমীয়া সেননীক সোঁৱৰণ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in