লখিমপুৰত পুনৰ বানৰ আশংকা।
মুকলি কৰা হৈছে ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ গেট।
নীপকোৱে প্রকল্পটোৰ পৰা এৰি দিব অতিৰিক্ত পানী।
প্রতি ছেকেণ্ডত ১৬১ ঘন মিটাৰ পানী অতিৰিক্তভাৱে এৰি দিয়া হ’ব ৰঙানদীত।
ইতিমধ্যেই ৰঙানদীৰ জলপৃষ্ঠ ৯৪ মিটাৰলৈ বৃদ্ধি পাইছে।
আৰু ১ মিটাৰ পানী বৃদ্ধি পালেই অতিক্রম কৰিব বিপদসীমা।
ইয়াৰ পাছতেই লখিমপুৰবাসীলৈ সাৱধানবাণী জাৰি কৰিছে।