/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e9882566-e9e6-423c-9843-b6c1b2861883/368.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পত সংঘটিত ভয়ংকৰ ভূমিস্খলনক লৈ সৃষ্ট অস্বাভাৱিক জল শংকাৰ পৰিপ্ৰেক্ষিতত সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে লখিমপুৰ জিলা প্ৰশাসনে। ধেমাজি জিলাৰ গেৰুকামুখত এন এইচ পি চিৰ জৰিয়তে নিৰ্মীয়মান এই বৃহৎ জলবোমাটোৰ পানী বৰ্হিগমন হোৱা অৱশিষ্ট এটা টাৰনেল ভয়ংকৰ ভূমিস্খলনৰ ফলত সম্পূৰ্ণভাৱে শুক্ৰবাৰে বন্ধ হৈ পৰে।
পৰিণতিত প্ৰকল্পৰ প্ৰবাহিত পানী প্ৰতিৰোধী মূল বেৰেৰে অতিৰিক্ত বৰ্জিত পানীৰ ঢল ওলাই অহাৰ ক্ষণগণাৰ বিকল্প পথ নোহোৱা হৈছে কৰ্তৃপক্ষৰ । সেয়ে সমাগত ১০ ঘণ্টা সময় পূৰ্ণতালৈ অপেক্ষা কৰিছে এন এইচ পি চি কৰ্তৃপক্ষই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/4ca93272-0942-4dc6-8fce-1aca6638fe99/0389c61c_08e0_432b_98ac_c565186eb473.jpg)
বিপৰীতে মূল বান্ধৰ নামনি অংশত দেখা দিয়া জল নাটনিৰ বাবে সোৱণশিৰি নদীৰ বিস্তৰ অংশ শুকাই তৰাং হৈ পৰিছে । অকাল মৃত্যু ঘটিছে খৰালিটো ভৰুণ হৈ থকা নদীখনৰ।
১১ টা দুষ্প্ৰাপ্য শিহুৰ মুকলি আৰু নিৰাপদ বিচৰণ ক্ষেত্ৰ এই সোৱণশিৰীৰ বুকুৰ জলস্তৰৰ এনে মৰুময় শুকান অৱস্থাৰ পৰিপ্ৰেক্ষিতত অগণন ৰাইজ দিনে-নিশাই নামি পৰিছে দুষ্প্ৰাপ্য শিলঘৰীয়া মাছকে ধৰি অন্যান্য পাহাৰীয়া মাছ চিকাৰত। ইপিনে যিকোনো সময়তে নদীৰ মূলবান্ধৰ ওপৰেৰে জমাকৃত জলধাৰ প্ৰবাহিত হোৱাৰ আশংকা থকাৰ পাছতো নদীখনৰ বুকুত নিৰ্ভয়ে অৱস্থান কৰা ব্যক্তিসকলৰ বেপৰোৱা ভূমিকাত শংকিত লখিমপুৰ জিলা প্ৰশাসন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/34f9b501-0b81-4f99-aee0-27cd74acc84d/1c6bdebe_3f3f_445f_a793_b6ef7af4a36a.jpg)
পৰিপ্ৰেক্ষিতত শুক্ৰবাৰে সন্ধিয়া এক সতৰ্কবাণী জাৰি কৰিছে জিলা প্ৰশাসনে । ডি এম ২০ /২৯/২০২৩ /পি এইচ ৱাই/১২-এ নম্বৰৰ নিৰ্দেশনামতে সাময়িকভাৱে মৃতপ্ৰায় হোৱা নদীখন বক্ষ শীঘ্ৰে জলমগ্ন হোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰি কিছু সতৰ্কতামূলক পৰামৰ্শ আগবঢ়াইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/53a3e5ea-467d-449d-a5fb-779d2ef67770/17e07168_5fb2_43b5_ace8_c132de3f483e.jpg)
নিৰ্দেশনাত সোৱণশিৰি নদীৰ অৱবাহিকা আৰু নামনি অংশত বসবাস কৰা গ্ৰামবাসী ৰাইজক নদীৰ বুকুত মাছ চিকাৰ কৰা, স্নান কৰা, নাও চলোৱা, সাঁতোৰা আদি কাৰ্যৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে। তাৰোপৰি গ্ৰামবাসী ৰাইজক তেওঁলোকৰ পোহনীয়া পশুধন যেনে- গৰু ,ম'হ, মেথোন ,গাহৰি , ছাগলী ,কুকুৰ আদিক নদীৰ পাৰৰ পৰা আঁতৰাই ৰখাৰ বাবেও পৰামৰ্শ দিছে।
লগতে নামনি অংশত বাস কৰা গাঁৱবাসীক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে জিলা প্ৰশাসনে । জিলা প্ৰশাসনৰ এনে সময়োপযোগী সতৰ্কতামূলক নিৰ্দেশনা মানি চলাৰ আহ্বান জনাইছে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই ।
Also Read: কাইলৈ লক্ষ্মী পূজা : মায়ঙত সাৰ্বজনীন লক্ষ্মী পূজাৰ আয়োজন