ডিজিটেল সংবাদ ঢকুৱাখনাঃ কলিকতাৰ অগ্ৰণী নাট্য চর্চা অনুষ্ঠান অনুচিন্তন থিয়েটাৰ গোষ্ঠীৰ দ্বাৰা প্ৰতিবছৰে প্ৰদান কৰি অহা হৈছে হৃদয় মঞ্চ সন্মানৰ অন্তৰ্গত প্ৰখ্যাত নাট পৰিচালিকা উষা গাংগুলীৰ সোঁৱৰণী স্মাৰক বঁটা। বিগত বৰ্ষ বোৰৰ দৰে ২০২৪ বৰ্ষটো এই বঁটা ঘোষণা কৰিছে নাট্য গোষ্ঠীয়ে।
এইবাৰ এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে লখিমপুৰৰ অগ্ৰণী নাট্য সাধক, সুনিপুন অভিনেতা, নাট্য পৰিচালক দয়াল কৃষ্ণ নাথ। ৰাজ্যখনৰ নাট্য জগতৰ পৰিধি ভেদী ৰাষ্ট্ৰীয় ক্ষেত্ৰখনত নাট্য ক্ষেত্ৰখনত নিগাজি থিতাপি ল'বলৈ সক্ষম হোৱা লখিমপুৰৰ নাট্য সাধক গৰাকীক এই সন্মানেৰে বিভূষিত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা সোমবাৰে ঘোষণা কৰা হৈছে।
অহা ২৫ ডিচেম্বৰৰ সন্ধিয়া কলিকতাৰ সন্তোষপুৰৰ অনুচিন্তন নাট্য গোষ্ঠীৰ মঞ্চত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ'ব এই বঁটা। "দূৰদৰ্শন"ৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাবেও অতুল্য সেৱা আগবঢ়াই অহা দয়াল কৃষ্ণ নাথ অসমৰ প্ৰখ্যাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট্য পৰিচালক হিচাবে সৰ্ব পৰিচিত।
লখিমপুৰৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰীত "অভিনৱ থিয়েটাৰ" নামৰ এটি অপেচাদাৰী নাট্য গোষ্ঠীৰ জন্ম দি নাথে ভাৰতৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহত নাটক মঞ্চস্থ কৰি গৃহ জিলাখনৰ লগতে অসমলৈও গৌৰৱ আজুৰি আনিবলৈ সক্ষম হৈছে।
ইতিমধ্যে নিজস্ব প্ৰতিভা আৰু দক্ষতাৰ জৰিয়তে ৯ তাকৈ ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰা দয়াল কৃষ্ণ নাথ ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰণালয়ৰ সদস্য আৰু ভাৰত চৰকাৰৰ ভাৰতীয় চলচ্চিত্ৰ চেন্সৰ ব'ৰ্ড আৰু ভাৰতীয় বিশ্ববিদ্যালয়ৰ যুৱ উৎসৱৰ এগৰাকী সন্মানীয় স্থায়ী সদস্য। নীৰৱ নাট্য সাধক নাথলৈ শেহতীয়া ভাবে কলকাতাৰ এক প্ৰতিষ্ঠিত নাট্য মঞ্চই আগবঢ়োৱা এই বঁটাৰ খবৰে গৃহ জিলাখনত আনন্দ উচাহৰ বন্যা বোৱাইছে।