খেৰকটা সমবায় সমিতিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

খেৰকটা সমবায় সমিতিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

author-image
Asomiya Pratidin
New Update
খেৰকটা সমবায় সমিতিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ খেৰকটা সমবায় সমিতি লিমিটেডে অসম সমবায় সমিতি আইন -২০০৭ অধীনত সমবায়খনৰ অন্তৰ্গত চৰকাৰী গাঁও প্ৰধান আৰু সমবায় এজেন্ট সকলৰ সহযোগিতাত সংশোধনী খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰি মঙলবাৰে প্ৰকাশ কৰিছে। ২০২৩-২০২৪ বর্ষৰ এই সংশোধিত খচৰা ভোটাৰ তালিকা অংশীদাৰী আৰু সাধাৰণ ৰাইজৰ পৰ্যবেক্ষণ আৰু নিৰীক্ষণৰ বাবে সমবায় সমিতিৰ কাৰ্যালয়ত মঙলবাৰে আঁৰি দিয়া হৈছে ।

Advertisment

উক্ত খচৰা ভোটাৰ তালিকাৰ সংশোধনী সন্দৰ্ভত কোনো অংশীদাৰীৰ যদি কিবা উজৰ আপত্তি আছে তেন্তে ৮ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰৰ ভিতৰত কাৰ্যালয়ৰ কৰ্ম দিন আৰু কৰ্ম সময়ৰ ভিতৰত এনে ওজৰ আপত্তি নিস্পতি কৰিবলৈ তথ্য সহকাৰে লিখিতভাৱে অভিযোগ দাখিল কৰাৰ বাবে অংশীদাৰী সকলৰ প্ৰতি আহ্বান জনাইছে সমবায় সমিতিখনৰ এজনীয়া তদৰ্থ সমিতিৰ সভাপতি ভীম প্ৰসাদ গজুৰেল আৰু সম্পাদক ৰাজীৱ দলেয়ে।

উক্ত নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি অংশীদাৰী সকলে ওজৰ আপত্তি দাখিল নকৰে তেন্তে পৰৱৰ্তী সময়ত ভোটাৰ তালিকাৰ ওপৰত কোনো ওজৰ আপত্তি গ্ৰহণ কৰা নহ'ব বুলি স্পষ্ট কৰি দি এইক্ষেত্ৰত অংশীদাৰী ৰাইজৰ সক্ৰিয়তা আৰু সচেতনতা এজনীয়া সমিতিখনে কামনা কৰিছে ।

Also Read: উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল বিধায়ক আফতাব উদ্দীন মোল্লা

dhakuakhana