/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/d1ff88c6-28b4-4bbd-8dbe-865a984a8612/BANDARDEWA_13.jpg)
বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জ্যোতি শইকীয়াৰ বিদায় সম্বৰ্ধনা সভা সম্পন্ন...
ডিজিটেল সংবাদ বিহপুৰীয়া: লখিমপুৰৰ বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষয়িত্ৰী জ্যোতি শইকীয়াৰ বিদায় সম্বৰ্ধনা সভাখন আজি বিদ্যালয়ত অনুষ্ঠিত হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্বোধন কৰে বৰবালি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লীলাৱতী তামূলীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/236d9c8a-f7e6-43b5-ba67-414cde881cee/32572289_232b_401d_be1a_57344a70d2ad.jpg)
বিদ্যালয়ৰ সহকাৰী শিক্ষক বিশ্বেশ্বৰ দত্তই আতঁ ধৰা তথা উদ্দেশ্য ব্যাখ্য কৰা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোতি শইকীয়াৰ নামত উৎসৰ্গা কৰা বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা “প্ৰজ্ঞা“ উন্মোচন কৰে শংকৰদেৱ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অমি বৰা শইকীয়াই ৷ সভাত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোতি শইকীয়াই ত্ৰিশ বছৰীয়া কৰ্মজীৱনৰ অভিজ্ঞতা সুৱঁৰী আবেগিক হৈ পৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3d4c5a0e-381e-4745-b93b-0682c02fd04e/6f152882_fa75_4bcb_8ea5_99ced7931fb6.jpg)
তেওঁ কৰ্ম জীৱনত লগ পোৱা সহযোগী শিক্ষক কৰ্মচাৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ উল্লেখযোগ্য যে, জ্যোতি শইকীয়া বান্দৰদেৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হৈ থকা সময়তে বিদ্যালয়খনে গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e1e0014e-c157-483a-a894-fd5c87eea715/caee3c83_f571_42e8_916c_874d8a4744c7.jpg)
সভাত খণ্ড মণ্ডল সমন্বয়ক ৰমেন গগৈ আৰু যোগবৰুৱা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সুশেন্তি শৰ্মাই জ্যোতি শইকীয়াই বিদ্যালয়ৰ লগতে সমাজলৈ আগবঢ়োৱা অৱদানৰ কথা দোহাৰে ৷ সভাত জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ খগেন বৰা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰ ৰিমাল,শংকৰদেৱ মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক টংকেশ্বৰ দত্ত, জ্যোতি শইকীয়াৰ স্বামী পবিত্ৰ দত্তৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গৰাকীয়ে বান্দৰদেৱা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান সম্পৰ্কত বক্তব্য আগবঢ়াই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0bb2c302-01ee-4b09-b1b1-ffe868dd65a8/d1326a92_47f1_4eab_9f81_99e125cb090e.jpg)
সভাত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী,ছাত্ৰ একতা সভা,বিদ্যালয় পৰিচালনা সমিতি আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে পথালি পাহাৰস্থিত সমাজিক সাংস্কৃতিক অনুষ্ঠান ভিভা ক্লাব,দিলীপপুৰ প্ৰাথমিক বিদ্যালয়,প্ৰাক্তন ছাত্ৰ ছাত্ৰী,আৰু স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু শতাধিক ব্যক্তিয়ে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জ্যোতি শইকীয়াক শৰাই,সফুৰা,সম্বৰ্দ্ধনা পত্ৰ,জাপি,গামোচা, চেলেং,গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷
Also Read: পুনৰ দুই এ পি এছ বিষয়ালৈ এছ আই টিৰ জাননী...