লখিমপুৰত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী সম্পন্ন..

অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে।

author-image
Tushar Pratim
New Update
লখিমপুৰত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী সম্পন্ন...

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপেই ৩০ নৱেম্বৰ, ২০২৪ শনিবাৰে ধেমাজি জিলাৰ চাৰিটাকৈ স্থানত নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ চাৰিওটা স্থানৰ এই কাৰ্যসূচীত মুঠ ৩৮৪ গৰাকী মাতৃ আৰু সন্তানে অংশগ্ৰহণ কৰে।

Advertisment

লখিমপুৰত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী সম্পন্ন..

এই কাৰ্যসূচীত নৱজাতক শিশুসকলক কেনেদৰে যত্ন ল'ব লাগে তাৰ পৰামৰ্শ আগবঢ়ায় বিশেষজ্ঞসকলে। এই Johnson's ৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক শিশু যত্নৰ বাবে একোটাকৈ স্বাগতম কিট বিতৰণ কৰা হয়। আগন্তুক দিনত ৰাজ্যখনৰ আৰু কেইবাখনো জিলাত জনছন আৰু অসমীয়া প্ৰতিদিনে অনুষ্ঠিত কৰিব এনে ধৰণৰ কাৰ্যসূচী।

লখিমপুৰত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী সম্পন্ন..

লখিমপুৰ খেলমাটি চক্ৰৰ আব্দুল মছজিদ পথ মডেল অংগনবাদী কেন্দ্ৰ, বজাৰ এল পি অংগনবাদী কেন্দ্ৰৰ লগতে এঙাৰখোৱা চাৰিআলি অংগনবাদী কেন্দ্ৰ, এলেংমৰা অংগনবাদী কেন্দ্ৰত এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰে খেলমাটি চক্ৰৰ আব্দুল মছজিদ পথ অংগনবাদী কেন্দ্ৰত ছুপাৰ ভাইজাৰ হিচাপে আছিল পান্নৱী বৰা, বজাৰ এল পি অংগনবাদী কেন্দ্ৰত ছুপাৰ ভাইজাৰ হিচাপে আছিল দিপালী চেতিয়া মজুমদাৰ। আন দুটা অংগনবাদী কেন্দ্ৰত ছুপাৰ ভাইজাৰ হিচাপে আছিল আলিছা পাটিৰ।

লখিমপুৰত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী সম্পন্ন..

 

Johnson's