লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উদযাপন...

আজিৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ সম্পাদক প্ৰসেনজিৎ দাস। লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক গোলাপ দিহিঙিয়া...

New Update
1

ডিজিটেল সংবাদ,লখিমপুৰঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰতি বছৰে ৮ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা চমুকৈ ইউনেস্ক’ই এই পদক্ষেপ গ্ৰহণ কৰিছিল। এই উপলক্ষত লখিমপুৰ জিলাৰ গড়েহগা বাঁহপাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত হয়।

ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ অধীনত লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা উক্ত সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অধ্যক্ষ‍ দুলাল চন্দ্ৰ নাথে। আজিৰ সভাত সাক্ষৰতা দিৱসৰ তাৎপৰ্য আলোচনাৰ কৰাৰ লগতে জিলা আইন সেৱা প্ৰাধিকৰনৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰা হয়।

আজিৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ সম্পাদক প্ৰসেনজিৎ দাস। লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক গোলাপ দিহিঙিয়া আৰু মংগলময় পত্ৰিকাৰ সম্পাদক জিতেন বৰুৱা। আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উপলক্ষে আয়োজিত সভাৰ শুম্ভাৰম্ভ কৰে বদন বৰুৱাই।

উল্লেখযোগ্য যে, আজিৰ সভাতে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীও উদযাপন কৰা হয়।উক্ত সভাত বিদ্যালয়খনৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী লগতে স্থানীয় ৰাইজ তথা লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ কেইবাজনো কাৰ্যকৰ্তা উপস্থিত থাকে।

লখিমপুৰ