ঢকুৱাখনাত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন...

ঢকুৱাখনাত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন...
ঢকুৱাখনাত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন...

ডিজিটেল সংবাদ ঢকুৱাখনা:  দেশৰ সকলো শ্ৰমিক, বুৰ্জোৱা, খাতি খোৱা, চহা একত্ৰিত হোৱাৰ আহ্বানেৰে সোমবাৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হয় ঢকুৱাখনাত। ঢকুৱাখনা নগৰ চাৰিআলিৰ 'চেতিয়া মাৰ্কেট' প্ৰাংগণত নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত আৰু ১২ টা শ্ৰমিক সংগঠনৰ সহযোগত এই মে' দিৱস দিনজোৰা ভিন্নৰঙী কাৰ্যসূচীৰে উদযাপন কৰা হয়।

এই উপলক্ষত অনুষ্ঠিত দিৱসৰ পতাকা উত্তোলন কৰে ঢকুৱাখনা চেলুন সন্থাৰ সভাপতি পাপু দত্তই। ঢকুৱাখনা নগৰ টমটম চালক সন্থাৰ সভাপতি মহেন্দ্ৰ গোঁহাইয়ে শ্বহীদ তৰ্পণ কৰাৰ পাছতে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ।

বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশগ্ৰহনেৰে উলিওৱা শুভাযাত্ৰাই নগৰাঞ্চল পৰিভ্ৰমণ কৰি পুনৰ সভা প্ৰাংগণত সামৰণি মৰা হয় । শোভাযাত্ৰাৰ সামৰণিৰ পাছতে অনুষ্ঠিত হয় দিৱসৰ মুকলি সভা । 

শ্ৰমিক নেতা পূৰ্ণানন্দ ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে শ্ৰমিক নেতা টংকেশ্বৰ গগৈ, মহেন্দ্ৰ গোঁহাই আৰু পংকজ গগৈয়ে। কেইবা শতাধিক শ্ৰমজীৱী মেহনতি ৰাইজে অংশ গ্ৰহণ কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাবে বক্তব্য আগবঢ়াই বিশিষ্ট বাওঁপন্থী তথা শ্ৰমিক নেতা ড০ চন্দ্ৰ নাথ বৰুৱা, গোপাল গগৈ ,কাৰ্তিক বৰাইক, গহীন চুতীয়া, দয়াৰাম গগৈকে প্ৰমুখ্য কৰি বহু কেইগৰাকী ব্যক্তিয়ে।

শ্ৰমিক দিৱসত তাৎপৰ্য আৰু প্ৰাসংগিকতা ব্যাখ্যা আৰু মেহনতি জনতাৰ ওপৰত শাসক গোষ্ঠীৰ শোষণ নিপীড়ন, অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধৰ অত্যাধিক মূল্যবৃদ্ধি , উৎপাদিত ফচলৰ উচিত মূল্যৰ পৰা কৃষকক বঞ্চিতকৰণ, চহাৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ খৰ্বকৰণৰ আদি বহু স্পৰ্শকাতৰ অভাৱ সমস্যাৰ সন্দৰ্ভত ৰজাঘৰীয়াৰ দায়িত্বহীন ভূমিকাৰ সৰৱ সমালোচনা কৰি বক্তাসকলে শ্ৰমজীৱী শ্ৰমিক আৰু কৃষক বনুৱাৰ নাৰ্য প্ৰাপ্য সাব্যস্ত কৰাৰ বাবে সমগ্ৰ শ্ৰমিক শক্তি একত্ৰিত হোৱাৰ আহ্বান জনাই বক্তা সকলে।

জনাকীৰ্ণ  দিৱসৰ সভাত ১ নং বাঁহপৰা গাঁও বিহু দল, বৰদৈবাম বাগান মজদুৰসকলৰ ঝুমুৰ নৃত্য আৰু আদিবাসী নৃত্য, ১ নং বাঁহপৰা বিহু দলৰ বিহু নৃত্য, ২নং বানটৌ গাঁও টকা বিহু দলৰ বিহু, কচু গাঁও টকা বিহু, মহঘুলি চাপৰি মিচিং গুমৰাগ নৃত্য, হেনৰিক ইবছেন নাট্য গোষ্ঠীৰ সমাজ সজাগতামূলক "বাটৰ নাট" প্রদর্শন আদি বিভিন্ন মনোৰঞ্জনমূলক কাৰ্যসূচীয়ে দিৱসক অন্য এক মাত্ৰা প্ৰদান কৰে।

স্মৰ্তব্য যে এই মে" দিৱসৰ সতে সংগতি ৰাখি উদ্যমী কৰ্মঠ যুৱক তথা দিৱসৰ অন্যতম সহযোগী উদ্যোক্তা পাপু চেলুনৰ স্বতাধিকাৰী পাপু দত্ত আৰু সহযোগীসকলে সভা প্রাংগনত প্ৰায় ১০ খন আসন স্থাপন কৰি পুৱা ৭ বজাৰ পৰা মেহনতি শ্ৰমিক ৰাইজৰ লগতে অন্য ব্যক্তিৰো দাড়ি, চুলি বিনামূলীয়া ভাবে কাটি এক ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি বহুজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ঢকুৱাখনাত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন...
'ভাষাৰ ওজা'ৰ মৃত্যু তিথিত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতিপত্ৰৰে শ্ৰদ্ধাঞ্জলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in