/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/v8ct2mvm/7df0ab4b-4a75-45d6-885d-13e6609d437a.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰত অন্যতম প্ৰধান ভূমিকা পালি আহিছে মহাপুৰুষীয়া সত্ৰ সমাজ অসমে । গুৰুজনাৰ এক শৰণ নাম ধৰ্মৰ অমিয়া বাণী চিৰ প্ৰবাহিনী কৰাৰ লক্ষ্যৰে শনিবাৰে ঢকুৱাখনা জিলা মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ জিলা নামঘৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় ।
ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত মধ্য ঢকুৱাখনা পঞ্চায়তৰ দীঘলা গাঁওৰ কেমেৰা পুখুৰীত শনিবাৰে এইভাগি হৰিমন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় । শনিবাৰে পুৱা ধৰ্মধজ্জা উত্তোলন কৰে ৰাজ্যিক সমিতিৰ সভাপতি মনহৰি ৰাজবংশীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/cd1twg66/7df0ab4b-4a75-45d6-885d-13e6609d437a.jpg)
ইয়াৰ পাছতে অনুষ্ঠিত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত । মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীৱন বৰা ,ঢকুৱাখনা জিলা মহাপুৰুষীয়া সত্ৰ সমাজৰ সভাপতি ঘনকান্ত শইকীয়া , সম্পাদক দিপুল শইকীয়া, কাৰ্যকৰী সভাপতি পুতুল কোচ , বিমান বৰা, ইন্দ্ৰ গগৈ, দীপেন কুমাৰ গগৈ আদি বহুসংখ্যক ভক্ত প্ৰাণ আই বাপ সমস্ত উপস্থিত থকা অনুষ্ঠানত গায়ন বায়ন , আয়তীৰ উৰুলি আৰু হৰিধ্বনিৰ মাজত জিলা নামঘৰৰ লাই খুঁটাস্থাপন কৰে ৰাজ্যিক সমিতিৰ সভাপতিগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/d9lrjejf/effe6e39-4d62-4468-8f31-36620fa4ac32.jpg)
বিমান বৰাই আঁত ধৰা এই লাইখুঁটা স্থাপন পৰ্বত উপস্থিত সকলো ভকত বৈষ্ণবে চিমেণ্ট শিল বালিৰ সংমিশ্ৰণ দি গুৰুজনাৰ নামত পবিত্ৰ হৰিমন্দিৰ ভাগি উৎসৰ্গা কৰে । দুপৰীয়া চিলাপথাৰৰ ভকত বিমান বৰাৰ শ্ৰুতিমধুৰ ভাগৱত পাঠ আৰু সবলীকৰণ অনুষ্ঠানৰ পাছত ৰাজ্যিক সমিতিৰ অন্তৰ্গত ৬খন জিলাৰ ১৮খন মাণ্ডলিক সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । বিয়লি পৰ্যন্ত শতাধিক ভকত বৈষ্ণৱৰ সমস্বৰৰ হৰিনাম আৰু গুৰুবন্দনাই সমগ্ৰ নামঘৰ প্ৰাঙ্গন বিধৌত কৰা পৰিলক্ষিত হয় ।