চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
Lakhimpur মুখ্য-পৃষ্ঠা

স্বাস্থ্য সঞ্চালকক তদন্ত প্ৰতিবেদন দাখিল : ঢকুৱাখনাৰ যক্ষ্মা দূৰীকৰণ আঁচনিৰ কৰ্মচাৰীক কাৰণ দৰ্শোৱাৰ জাননী

স্বাস্থ্য সঞ্চালকক তদন্ত প্ৰতিবেদন দাখিল : ঢকুৱাখনাৰ যক্ষ্মা দূৰীকৰণ আঁচনিৰ কৰ্মচাৰীক কাৰণ দৰ্শোৱাৰ জাননী

author-image
Asomiya Pratidin
12 Jul 2024 13:54 IST

Follow Us

New Update
স্বাস্থ্য সঞ্চালকক তদন্ত প্ৰতিবেদন দাখিল : ঢকুৱাখনাৰ যক্ষ্মা দূৰীকৰণ আঁচনিৰ কৰ্মচাৰীক কাৰণ দৰ্শোৱাৰ জাননী

ডিজিটেল সংবাদ,ঢকুৱাখনা : নিৰোগীক ৰোগী কৰা, ৰোগীৰ লিংগ সলনি কৰা আদি এসোপামান অনিয়ম, অন্যায়ৰ ভূ-স্বৰ্গ ঢকুৱাখনা যক্ষ্মা দূৰীকৰণ আঁচনি ! লখিমপুৰ জিলা যক্ষ্মা দূৰীকৰণ আঁচনিৰ জিলা বিষয়া ডাঃ হৃদয়া নন্দ বৰুৱাৰ অদক্ষ পৰিচালনা আৰু ঢকুৱাখনা গোটৰ একাংশ কাণ্ডজ্ঞানহীন লেবৰেটৰী টেকনিছিয়ানৰ নির্লজ্জ ল'ৰা-ধেমালিৰ বাবে গলগ্ৰহলৈ পতিত হৈছে যক্ষ্মা দূৰীকৰণ আঁচনি।

Advertisment

উল্লেখ্য যে লখিমপুৰৰ পৰা ঢকুৱাখনালৈ শিপাই থকা এই বেপৰোৱা বজাৰখনৰ সন্দৰ্ভত ধাৰাবাহিক বাতৰি প্ৰকাশ হৈ আহিছে। এই গুৰুতৰ কৰ্মকাণ্ড ফাদিল হোৱাত লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে এক তদন্তৰ নিৰ্দেশ দিছিল। গঠন কৰি দিছিল এখন তদন্তকাৰী সমিতি ।

তিনিদিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ সময় সীমা বান্ধি দিছিল । সেই অনুসৰি বৃহস্পতিবাৰে তদন্তকাৰী গোটে স্বাস্থ্য সঞ্চালকলৈ প্ৰতিবেদন প্ৰেৰণ কৰে ।  প্ৰতিবেদনত এটা স্পৰ্শকাতৰ বিভাগৰ লেবৰেটৰীত নিয়োজিত স্বাস্থ্য কৰ্মীসকলৰ দায়িত্বহীনতাক দোষাৰোপ কৰা হয় ।

সংগৃহীত তথ্য মতে  লেবৰেটৰীত পৰীক্ষা ৰিপৰ্টত নিয়োজিত টেকনিছিয়ানে প্ৰথমে এখন অতিৰিক্ত বহীত লিপিবদ্ধ কৰি লয় । পাছত প্ৰকৃত "ফৰ্মেট"ত অন্তৰ্ভুক্ত কৰাৰ সময়তে কাণ্ডজ্ঞানহীন কৰ্মীয়ে ভুল তথ্য সন্নিবিষ্ট কৰি দিয়ে।

পৰৱৰ্তী সময়ত বিভাগীয় পৰ্টেলত আপলোড দিয়া হৈছিল পূৰ্বে লিপিবদ্ধ কৰি যোৱা ভুৱা  তথ্যৰে । বিভাগীয় তদন্তত এই সমস্ত ফাঁকিবাজ পোহৰলৈ অহাত  সেই সময়ত কৰ্তব্যৰত আৰু অভিযুক্ত কৰ্মীৰ ওপৰত যুটীয়া স্বাস্থ্য সঞ্চালকে কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

অন্যহাতে ঢকুৱাখনা স্বাস্থ্যখণ্ডত সংঘটিত এই চৰম দায়িত্বহীনতাৰ বাবে গোটৰ কৰ্মচাৰীসকলৰ  প্ৰাৰম্ভিকভাৱে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে মহকুমা স্বাস্থ্য বিষয়াই। বৃহস্পতিবাৰে ঢকুৱাখনা টি বি গোটৰ এছ টি এছ , এল এছসহ ৪ গৰাকী লেবৰেটৰী টেকনিছিয়ানলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ঢকুৱাখনা মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াই ।

এই বিধিগত প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে স্বাস্থ্য বিভাগটোৰ অন্য এক দায়িত্বহীন কাণ্ড পোহৰলৈ আহিছে। কিদৰে ব্যক্তিগত প্ৰতিষ্ঠানত  প্ৰশিক্ষণ লৈ একাংশ যুৱক যুৱতীয়ে চিকিৎসালয়ত প্ৰশিক্ষণ লোৱাৰ সুযোগ পায় ? কি যোগ্যতাৰে লেবৰেটৰীৰ দৰে স্পৰ্শকাতৰ কক্ষত সোমাই গুৰুত্বপূৰ্ণ কাম কাজত পাকৈত চৰকাৰী কৰ্মচাৰীৰ দৰে অংশ লোৱাৰ  সুবৰ্ণ সুযোগ দিয়া হৈছে সেই সন্দৰ্ভত পৰৱৰ্ত্তী সময়ত ফাদিল হ'ব ।

Also Read: চাহ জনজাতিৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ মুখ্যমন্ত্ৰীৰ

dhakuakhana
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!