ধেমাজিৰ পি.এম. শ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন

শিক্ষাৰ্থীৰ নৃত্য, গীত, নাটকত মন্ত্ৰমুগ্ধ উপস্থিত সকলো

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ পি.এম. শ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন

ধেমাজিৰ পি.এম. শ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন

ডিজিটেল সংবাদ ঢকুৱাখনা: ভাৰতৰ ৭৮ সংখ্যক গৌৰৱোজ্জ্বল স্বাধীনতা দিৱস পি. এম.শ্ৰী স্কুল জৱাহৰ নৱোদয় বিদ্যালয় ধেমাজিয়ে অতি উদ্যম আৰু উদ্দীপনাৰে পালন কৰে। বৃহস্পতিবাৰে পুৱা ৮ বজাত অধ্যক্ষা অঞ্জনাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পৰৱৰ্তী সময়ত শিক্ষাৰ্থীসকলে অনুশাসন আৰু ঐক্যতা প্ৰদৰ্শন কৰি সুশৃংখলিত মাৰ্চ পাষ্ট অনুষ্ঠিত কৰে।

Advertisment

ইয়াৰ পাছতে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ প্ৰাৰম্ভতে শিক্ষাৰ্থীসকলে এটা কালজয়ী অসমীয়া গীতত এটি সুন্দৰ সৃষ্টিমূলক নৃত্য পৰিবেশন কৰে। তাৰোপৰি বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা উপস্থাপন কৰা দৃষ্টিনন্দন আৰু মনোমোহা জুম্বা নৃত্যই উপস্থিত অভ্যাগতসকলক সন্মুহিত কৰে।

ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত দেশপ্ৰেমমূলক গীত আৰু নৃত্যই অনুষ্ঠানতো জীপাল কৰি তোলে। অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষা অঞ্জনা আৰু পি জি টি (জিঅ’গ্ৰাফী) দীপাংকৰ চক্ৰৱৰ্তীয়ে স্বাধীনতাৰ তাৎপৰ্য আৰু ৰাষ্ট্ৰৰ ভৌগলিক অখণ্ডতা সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই। দেশৰ সুৰক্ষাৰ বাবে বীৰ সৈনিকসকলৰ মহান ত্যাগক বিষয়বস্তু হিচাবে লৈ এখন চমু নাটকো উপস্থাপন কৰা হয় অনুষ্ঠানত।

অনুষ্ঠানতে শিক্ষাৰ্থীসকলৰ মাজত ফেন্সি ড্ৰেছ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে জাতীয় নায়ক আৰু সাংস্কৃতিক মহীৰুহসকলৰ ৰূপত সাজ-পোছাক পৰিধান কৰি পৰিবেশিত অনুষ্ঠানটোৱে উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

Also Read: লখিমপুৰৰ দুই স্থানত নিষিদ্ধ ঘোষিত সংগঠনে স্থাপন কৰা আই ই ডি উদ্ধাৰ

নৱোদয় বিদ্যালয় স্বাধীনতা দিৱস