/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/09d5aa48-962e-4cc4-ace4-5f6029b05d63/2.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অৱশেষত কাৰপুংপুলি প্ৰাথমিক বিদ্যালয়ে লাভ কৰিলে এগৰাকী সহকাৰী শিক্ষয়িত্ৰী। ১৯৮১ চনতে ঢকুৱাখনা শিক্ষা খণ্ডৰ অধীনৰ কংকান চাপৰি গাঁওত স্থাপন হোৱা এইখন প্ৰাথমিক বিদ্যালয় সুদীৰ্ঘ দিন ধৰি এজনীয়া শিক্ষকেৰে পৰিচালিত হৈ আহিছিল।
প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত মুঠ ৩১গৰাকী বিদ্যাৰ্থী বিশিষ্ট এইখন বিদ্যালয়ত শিক্ষাদানৰ ক্ষেত্ৰত উদ্ভৱ হোৱা জটিল শৈক্ষিক পৰিস্থিতি মুকাবিলা কৰিবলৈ ঢকুৱাখনা শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়া বিদ্যুৎ গগৈয়ে মালবিকা গোস্বামী নামৰ এগৰাকী শিক্ষয়িত্ৰীক অস্থায়ী ভিত্তিক বদলি সূত্ৰে নিযুক্তি দিছিল। যোৱা ৪ অক্টোবৰত বদলিৰ নিৰ্দেশ লাভ কৰাৰ পাছতো এইগৰাকী শিক্ষয়িত্ৰীয়ে নতুন কৰ্মথলীত যোগদান নকৰি চৰকাৰী নিৰ্দেশনালৈ প্ৰকাশ্যে পিঠি দিছিল।
এই সন্দৰ্ভত উত্থাপিত অভিযোগৰ পৰিপ্ৰেক্ষিতত 'অসমীয়া প্ৰতিদিন ডিজিটেল"ত এক বাতৰি যোৱা ২৪অক্টোবৰত প্ৰকাশ হোৱাত অৱশেষত গা লৰিল শিক্ষয়িত্ৰী গোস্বামীৰ । চৰকাৰী নিৰ্দেশনালৈ গুৰুত্ব নিদি বিভাগৰ পৰা "কাৰণ দৰ্শোৱা জাননী" লাভ কৰা গোস্বামীৰ এনে বেপৰোৱা আচৰণ সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাছতেই থৰকাচুটি হেৰুৱাই ২৪ অক্টোবৰত শিক্ষয়িত্ৰী গৰাকীয়ে নতুন বিদ্যালয়ত যোগদান কৰে।
বিদ্যালয়খনৰ প্ৰধান শিক্ষক মণিৰাম পেগুৱে জনোৱা মতে, বৃহস্পতিবাৰে সহকাৰী শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়খনত উপস্থিত হৈ কৰ্মত যোগদান কৰি ২দিন ধৰি নিয়মীয়া সেৱা আগবঢ়াই আহিছে। "অসমীয়া প্ৰতিদিন ডিজিটেল"ত বাতৰিৰ প্ৰভাৱৰ বাবেই শিক্ষানুষ্ঠানখনত এইগৰাকী শিক্ষয়িত্ৰীযে যোগদান কৰিবলৈ বাধ্য হোৱাত বিদ্যালয় পৰিয়াল, অভিভাৱক আৰু মিচিং জাতীয় সংগঠনৰ পূব ঢকুৱাখনা আঞ্চলিক সমিতি সমূহে সংবাদ গোষ্ঠীৰ একেমুখে শলাগ লৈছে।