/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/1djjvebf/d73c0b57-2b7d-40d6-a7c6-8a33fe88a5da.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ ঢকুৱাখনাস্থিত বাসগৃহত শুক্ৰবাৰে নিশা উপস্থিত হ'ল শ শ গঞা । কোনো চৰকাৰী আঁচনি বিচাৰি অথবা সাহাৰ্য বিচাৰি নহয়, আহিছে এক পৰিকল্পিত চৰকাৰী চক্ৰান্তমূলক পৰিগণ্ডীৰ পৰা পৰিত্ৰাণ বিচাৰি ।
ঢকুৱাখনা সমজিলা তথা ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মাছখোৱাৰ মদাৰগুৰি চাপৰি , গৰৈমাৰি চাপৰি আৰু এন চি নেওগঘুলি আৰু ন মদাৰগুৰি আদি গাঁওসমূহ মিচিং জনগোষ্ঠীৰ বসতি শূণ্য গাঁও। সম্পূৰ্ণ ৰূপে অমিচিং জনবসতিপূৰ্ণ এইসমূহ গাঁৱক শেহতীয়াভাৱে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰস্তাৱিত এলেকাৰ ভিতৰত অন্তৰ্ভুক্ত কৰাক লৈ শতাধিক ৰাইজ মাৰবান্ধি ওলাই আহিছে বিধায়ক দলেৰ ঘৰলৈ।
ৰাইজৰ দাবী প্ৰস্তাৱিত এম এ চিৰ এলেকাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়া ক্ৰুটিপূৰ্ণ আৰু চক্ৰান্তমূলক । সম্পূৰ্ণ ৰাজনৈতিক অভীষ্ট সিদ্ধিৰ বাবে এই কাৰচাজি কৰি এই সমূহ অমিছিং গাঁৱক অন্তৰ্ভুক্ত কৰি এইসকল ভূমিপুত্ৰ অমিচিং ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ গোপন চক্ৰান্ত কৰিছে।
খিলঞ্জীয়াৰ এই স্বাধীকাৰ খৰ্বকাৰী অগণতান্ত্ৰিক প্ৰক্ৰিয়াত গাঁৱবাসী শংকিত হৈ পৰা বুলি একেমুখে অভিযোগ উত্থাপনেৰে বিধায়কগৰাকীক সাক্ষাৎ কৰি এনে হঠকাৰী ৰাজনৈতিক চক্ৰান্ত বাতিল কৰাৰ সমজুৱা দাবী উত্থাপন কৰে । বিধায়কগৰাকীয়ে ৰাইজৰ উপস্থিতিত লখিমপুৰ জিলা আয়ুক্তলৈ ফোন কৰি ৰাইজৰ অভিযোগ সন্দৰ্ভত অৱগত কৰি এনে নোহোৱাৰ ৰাইজক নিশ্চয়তা প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/kghz80x4/0d0ca3b7-e1c3-4c4b-9ea7-79d2e2e0f0c0.jpg)
কিন্তু ৰাইজৰ এই ক্ষেত্ৰত আশংকা এতিয়াও দূৰ নোহোৱা বুলি জানিবলৈ দিয়ে। বাস্তৱিকতে যদি এইসমূহ গাঁও পৰিষদৰ এলেকাৰ পৰা কৰ্তন কৰা নহয় তেন্তে অদূৰ ভৱিষ্যতে এক ধাৰাবাহিক গণতান্ত্ৰিক সংগ্ৰামৰ পাতনি মেলাৰ সকীয়নী দিয়ে শংকিত ৰাইজে ।