লখিমপুৰৰ চিয়াজুলীত বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ...

ৰৌতাৰ পৰা ৰে'লৰ জৰিয়তে কঢ়িয়াই নিছিল চিয়াজুলীলৈ

author-image
Asomiya Pratidin
New Update
লখিমপুৰৰ চিয়াজুলীত বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ...

লখিমপুৰৰ চিয়াজুলীত বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ...

ডিজিটেল সংবাদ ঢকুৱাখনা: লখিমপুৰ জিলাৰ বগীনদী আৰক্ষীৰ জালত বন্দী হৈছে তিনি অবৈধ গাঞ্জা সৰবৰাহকাৰী। আৰক্ষীয়ে লগতে জব্দ কৰিছে নিষিদ্ধ গাঞ্জা সৰবৰাহত জড়িত এখন ই-ৰিক্সা আৰু চাৰিটা মবাইল ফোনসহ প্ৰায় ১৮কিলোগ্ৰাম গাঞ্জা।

Advertisment

ঘটনাৰ বিবৰণী অনুসৰি মঙলবাৰে বিয়লি বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চিয়াজুলীৰ হিন্দু মাজ গাঁৱত গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত বগীনদী আৰক্ষীয়ে চলাইছিল অভিযান। অভিযান কালত বগীনদী আৰক্ষীয়ে চিয়াজুলী ৰে'লৱে ষ্টেচনৰ পৰা বধাকৰাৰ বিশেষ স্থানলৈ AS07-ER-2881 নম্বৰৰ এখন ই ৰিক্সাৰ জৰিয়তে কঢ়িয়াই নি থকা অৱস্থাত প্ৰায় ১৮ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হয়।

তিনিটা বেগত সৰবৰাহ কৰা এই নিষিদ্ধ ভাংসহ তিনি সৰবৰাহকাৰীক হাতে লোটে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তাৰোপৰি আৰক্ষীয়ে স্থানীয় ৰাইজৰ উপস্থিতি আৰু সাক্ষাতত বৃহৎ পৰিমাণৰ ভাং কঢ়িয়াই নিয়া কাৰ্যত জড়িত AS07ER 2881 নম্বৰৰ ই-ৰিক্সাখনৰ লগতে সৰবৰাহকাৰী দলটোৰ পৰা চাৰিটা মোবাইল ফোনো জব্দ কৰে ।

ধৃত সৰবৰাহকাৰীসকলে জনোৱা মতে জব্দকৃত ভাংখিনি ৰৌতাৰ পৰা ৰে'লেৰ জৰিয়তে চিয়াজুলী ষ্টেচনলৈ কঢ়িয়াই আনিছিল আৰু পৰৱৰ্তী সময়ত লখিমপুৰ জিলাৰ বধাকৰাৰ দিশে লৈ গৈছিল তিনি সৰবৰাহকাৰীয়ে। ধৃত তিনিওজন সৰবৰাহকাৰী বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বধাকৰা অঞ্চলৰ।

আৰক্ষীয়ে এই সন্দৰ্ভত এন ডি পি এছ আইনৰ ধাৰাত এক গোচৰ পঞ্জীভূত কৰি তদন্ত অব্যাহত ৰাখিছে আৰু জব্দকৃত ভাংখিনিৰ নমুনা গুৱাহাটীৰ ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সম্প্ৰতি ধৃত সৰবৰাহকাৰী কেইটা বগীনদী আৰক্ষীৰ জিম্মাত আছে আৰু বুধবাৰে স্বাস্থ্য পৰীক্ষা কৰি লখিমপুৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হ'ব ।

Also Read: মহাৰাষ্ট্ৰ সীমান্তত ৪ মাওবাদী কামাণ্ডাৰ নিহতঃ মূৰৰ দাম আছিল ৩৬ লাখ...

ঢকুৱাখনা