/asomiyapratidin/media/media_files/2025/02/17/wgUgVFxlXp889K5FdhRe.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: আৰক্ষী আৰু শিক্ষকৰ তথাকথিত কঠোৰ সুৰক্ষা বেহু,পৰীক্ষাৰ্থীৰ ওপৰত নিছিদ্ৰ তালাচী প্ৰক্ৰিয়াৰ ফোঁপোলা স্বৰূপ উদঙাই দিলে সোমবাৰে ঢকুৱাখনাত সংঘটিত এক কাণ্ডই।সোমবাৰে ঢকুৱাখনা নগৰৰ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ পৰীক্ষা ।
আৰক্ষী,পৰীক্ষা কেন্দ্ৰ কৰ্তৃপক্ষৰ নিছিদ্ৰ পহৰাৰ মাজত অনুষ্ঠিত পৰীক্ষাতেই সংঘটিত হ'ল এক সাংঘাতিক কাণ্ড। পৰীক্ষা কেন্দ্ৰত সুস্থ ভাবে পৰীক্ষা চলি থকা অৱস্থাতে এটা কোঠাত এগৰাকী পৰীক্ষাৰ্থীয়ে গোপনে উলিয়াই লয় এটা মোবাইল।
গোপনে নিয়া মোবাইলৰ জৰিয়তে প্ৰশ্নকাকতৰ ফটো মাৰি প্ৰেৰণ কৰাৰ বাবে উদ্যত হওঁতেই জ্ঞাত হয় কোঠাটোৰ নিয়োজিত নিৰীক্ষকগৰাকী। পৰীক্ষাগৃহত মোবাইল দেখি স্তম্ভিত নিৰীক্ষকে বিষয়টো লগে লগে বহী নিৰীক্ষকক অৱগত কৰে।
বহী নিৰীক্ষকৰ লগতে কেন্দ্ৰ ইনচাৰ্জে লগে লগে এই অসৎ কাৰ্যত জড়িত থকাৰ অপৰাধত তিনিগৰাকী ছাত্ৰক কোঠাৰ পৰা কাৰ্য্যালয়লৈ উলিয়াই নিয়ে আৰু মোবাইলতো জব্দ কৰে। পাছত পৰীক্ষা কেন্দ্ৰ কৰ্তৃপক্ষই নিৰীক্ষকৰ সহযোগিতাত ছাত্ৰত্ৰয় ক্ৰমে ঠাকুৰ, দুৱৰা আৰু কুটুম উপাধিৰ ছাত্ৰ কেইজনক পৰীক্ষা কেন্দ্ৰৰ পৰা বৰ্হিস্কাৰ কৰে । পৰৱৰ্তী সময়ত ছাত্ৰ তিনিজনৰ অভিভাৱকক মাতি আনি অভিভাৱকসকলৰ জিম্মাত ঘৰলৈ প্ৰেৰণ কৰে।
ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হোৱা ফিজিক্স বিষয়ৰ পৰীক্ষাত পৰীক্ষাগৃহত অসৎ উপায় অৱলম্বন কৰাৰ অপৰাধত বহিষ্কৃত ছাত্ৰ কেইজনৰ ২ গৰাকী ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় কাইজেন একাডেমীৰ আৰু এগৰাকী ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাৰ্থী আছিল ।
তাৎপৰ্যপূৰ্ণ দিশটো হ'ল আৰক্ষী আৰু কেন্দ্ৰটোৰ শিক্ষকৰ নিছিদ্ৰ তালাচীৰ পাছতো কিদৰে ছাত্ৰই পৰীক্ষা গৃহলৈ মোবাইল নিবলৈ সক্ষম হল? ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা আৰু সতৰ্কতাৰ নামত চূড়ান্ত ভেঙুচালি কৰা শিক্ষক-আৰক্ষীৰ ৰহস্যজনক ভূমিকাৰ বাবেই এনে দুষ্কাৰ্য সংঘটিত হ'বলৈ পালে বুলি সৰ্বত্ৰতে চর্চা চলিছে ।
আশংকা কৰা মতে এগৰাকী ছাত্ৰই প্ৰশ্নকাকতৰ ফটো তুলি অজ্ঞাত স্থানলৈ প্ৰেৰণ কৰিছিল ।পৰীক্ষা গৃহটোৰ সংশ্লিষ্ট কোঠাটোৰ পৰীক্ষাৰ্থী সকলৰ মাজত প্ৰায় ১০ মিনিট সময় বাধাগ্ৰস্ত হোৱা এই কাণ্ডৰ সঠিক আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ পাছত প্ৰকৃত সত্য পোহৰলৈ আহিব।