/asomiyapratidin/media/media_files/2025/04/25/kAClmo0IlAkXHAFYmFJX.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা: ঢকুৱাখনাৰ সাংস্কৃতিক জগতৰ সমুজ্জল নক্ষত্ৰ স্বৰূপ বালি নাট্য মন্দিৰত শুকুৰবাৰে হাঁচটি বিহু-২০২৫ ৰ মূল তোৰণ আৰু উদযাপন সমিতিৰ কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰা হয়। ৰঙালীৰ ৰঙৰ প্ৰাণোচ্ছল পৰিবেশ, ঢোল পেঁপা গগনাৰ অমিয়া ছন্দত মতলীয়া লোককৃষ্টি প্ৰেমীৰ উৎসাহপূৰ্ণ উপস্থিতিৰ হাঁচটি বিহু ২০২৫ৰ মূল তোৰণৰ শুভ উন্মোচন কৰে বিশিষ্ট নাগৰিক ধনেশ্বৰ বৰুৱাই।
কাইলৈ ২৬এপ্ৰিলত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই ব্যতিক্ৰমী হাঁচটি বিহুৰ প্ৰাৰম্ভিক কাৰ্যসূচীত বৃহত্তৰ বালি গাঁওৰ জ্যেষ্ঠ কনিষ্ঠ ,মুনিহ তিৰোতা সকলো উপস্থিত থাকি ৰঙালীৰ মাদকতাত বিলীন হয়।শ্ৰীমন্ত নাট্য গোষ্ঠীৰ উদ্যোগত আৰু বালিগাঁও যুৱ সমাজ আৰু বৃহত্তৰ বালি গাঁওবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ’ব লগা এই বিহুৰ উদযাপন সমিতিৰ এটা কাৰ্য্যালয়ৰো শুভ উদ্বোধন কৰা হয়।
উদযাপন সমিতিৰ সভাপতি চাণক্য চুতীয়া, যুটীয়া সম্পাদক তৰংগ জ্যোতি চুতীয়া, অচিন্ত সাৰকাৰৰ লগতে সকলো বিষয়ববিয়া আৰু ৰাইজ উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত কাৰ্য্যালয়ৰ ফিটা কাটি প্ৰৱেশ কৰি চমু শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই উদ্বোধক বিহুৱা বলীন চুতীয়াই। প্ৰথম বাৰলৈ অনুষ্ঠিত কৰা এই বিহুৰ বিভিন্ন শিতানৰ কাৰ্যসূচীৰ উপৰিও শনিবাৰে সদৌ অসম ভিত্তিত সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
বৃহত্তৰ বালি গাঁওৰ পৰিসীমা সামৰি পাৰিপাৰ্শ্বিক পৰিবেশ সংৰক্ষণৰ এক দীৰ্ঘম্যাদী কৰ্মসূচীৰো শুভাৰম্ভ কৰা হয়। সেই অনুক্ৰমে হাঁচটি বিহুৰ প্ৰথম কাৰ্যসূচী হিচাবে ঢকুৱাখনা নগৰৰ পথ বিভাজকৰ মাজৰ সংৰক্ষিত এলেকাৰ লগতে ৰাজহুৱা অনুষ্ঠানৰ চৌহদত ৫১ গৰাকী বিশিষ্ট ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰ নামত ৫১ জোপা গছ পুলি ৰোপণ কৰাৰ লগতে অনাগত সময়ৰ বাবে প্ৰতিপালন কৰাৰো দায়িত্ব গ্ৰহণ কৰিব।
তাৰোপৰি প্ৰতি বছৰৰ হাঁচটি বিহুৰ উদযাপনৰ সতে সংগতি ৰাখি ৫১ গৰাকী নাগৰিকৰ নামত ৫১জোপা গছপুলি বিশিষ্ট নাগৰিকৰ নামত ৰোপণ প্ৰতিপালন ,সংৰক্ষণ কৰিব বুলি জনালে। তদ্ৰুপ ভাবে এই বিহুৰ মঞ্চতেই উদযাপন সমিতিয়ে "বৰেণ্য বৰণ" শীর্ষক এক কাৰ্যসূচী গ্ৰহণ কৰি বৃহত্তৰ বালি গাঁওৰ মুঠ ৬৫ গৰাকী বয়স্ক ভকত বৈষ্ণৱ, জ্যেষ্ঠ নাগৰিকক বহাগৰ পৰম্পৰা অনুসৰণ কৰি সেৱা ধৰিব।
গাঁওখনৰ ধৰ্মপ্ৰাণ ব্যক্তি প্ৰয়াত কনপাই চুতীয়াৰ সশ্ৰদ্ধ স্মৃতিত চুতীয়াৰ আত্মীয়ৰহৈ বিশিষ্ট ব্যৱসায়ী প্ৰহ্লাদ চুতীয়াই এই "বৰেণ্য বৰণ" অনুষ্ঠানৰ লগতে সাম্প্ৰতিক প্ৰেক্ষাপটৰ শিক্ষা, সংস্কৃতি, ব্যৱসায় বাণিজ্য, পেচা-বৃত্তি আদি বিভিন্ন ক্ষেত্ৰত বিশেষ ব্যুৎপত্তি আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বৃহত্তৰ বালি গাঁওৰ ভিন্ন ক্ষেত্ৰৰ ১৫ গৰাকী নিৰ্বাচিত সফল ব্যক্তিক "বালি গাঁও বিশেষ সন্মান" প্ৰদান কৰিব বুলি জানিবলৈ দিছে। উদযাপন সমিতিয়ে শনিবাৰে হাঁচটি বিহুৰ প্ৰতিটো কাৰ্যসূচীত বিহুবলিয়া ৰাইজৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।