/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/4fgrmp5y/MSS 13.jpg)
মিচিং স্বায়ত্ব শাসিত পৰিষদিয় এলেকাত "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী...
ডিজিটেল সংবাদ ঢকুৱাখনা: মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত সকলো পৰিষদিয় সমষ্টিত মঙলবাৰে দুপৰীয়া উলিওৱা হয় এক বিশাল বাইক ৰেলী। পৰিষদৰ অন্তৰ্গত মুঠ ৩৬ টা সমষ্টিত মঙলবাৰে শুভাৰম্ভ কৰা হৈছে "হৰ ঘৰ ত্ৰিৰংগা" কার্যসূচীৰ।
পৰিষদৰ অধীনস্থ সকলো এলেকাৰ প্ৰতিটো ঘৰতে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৮ সংখ্যক দিৱস সগৌৰবেৰে উদযাপনৰ বাবে আহ্বান জনায় ত্ৰিৰংগা পতাকালৈ বাইক ৰেলীৰে জনসজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/a3g16apd/facd3eed-5fb6-47fa-8d8c-0a018161e177.jpg)
পুৱা ১নং পূব ঢকুৱাখনা-মাতমৰা সমষ্টিৰ মাতমৰাৰ লয়িদ কম্প্লেক্সত এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে এই বিশাল ৰেলীৰ শুভাৰম্ভ কৰে। ৰেলীৰ শুভাৰম্ভণীৰ পূৰ্বে তেওঁ সকলোকে উদ্দেশ্যি এক চমু ভাষণো প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/gcq34oii/d8f0d2a4-ce81-4ca1-b122-e47a11c8e471.jpg)
এই বাইক ৰেলীত পৰিষদৰ বিষয়ববীয়া ক্ৰমে মোহন পেগু, সুৰেশ দলে, বৃগেন দলে, দীপাঞ্জল দলে, ক্ষীৰোদ পেগু, অমৰজিত দলে, ৰাজ কুমাৰ লাগাচু, অমৃত দলে, ঘন কুলি, সমাজকৰ্মী লক্ষনাথ দলে আদি দুই শতাধিক কৰ্মীয়ে নিজ নিজ বাইকত জাতীয় পতাকা লগাই মাতমৰা, পূব ঢকুৱাখনা, হাৰ্হি, গন্ধিয়া, শিঙিয়া, ধেনুষনা বাটমাৰী আদি পঞ্চায়ত পৰিভ্ৰমণ কৰি পুনৰ মাতমৰাৰ জাঁজীত এই সজাগতা ৰেলীৰ সফল সামৰণি মাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/2sjnikp8/d866c4d1-35cf-4348-902e-2815b28f4255.jpg)
প্ৰচণ্ড ৰ'দকো উপেক্ষা কৰি ভাৰতৰ অখণ্ডতা আৰু সৰ্বভৌমত্ব সুৰক্ষাৰ শ্লোগান দি ৰাজপথ মুখৰিত কৰে বাইৰ ৰেলীত অংশগ্ৰহণকাৰীসকলে ।
Also Read: মুখ্যমন্ত্ৰীৰ ভাষ্য- 'বিধানসভাৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত বিজেপিত হোৱা নাই আলোচনা'