
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ সৰ্বত্ৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল দৰিদ্ৰ ৰেচনকাৰ্ডধাৰীসকলৰ বাবে দুৰ্লভ। এচাম ধুৰন্ধৰ অৰ্থলোভী ,নিকৃষ্ট মানসিকতাৰ সমবায় সভাপতি, সচিব আৰু ষ্ট'ৰ ইনচার্জৰ দুৰ্নীতিগ্ৰস্ত চৰিত্ৰৰ বাবে প্ৰাপ্য চৰকাৰী চাউল মুঠিৰ পৰাও গঞা দৰিদ্ৰ ৰাইজ বঞ্চিত হোৱাৰ প্ৰামানিক তথ্য "অসমীয়া প্ৰতিদিন ডিজিটেল"ত ধাৰাবাহিক ভাবে উন্মোচিত কৰি অহা হৈছে।
ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত মুঠ ৩ খন গাঁও পঞ্চায়ত সমবায় সমিতিত চলি থকা এনে পৰ্বতসম দুৰ্নীতি লুণ্ঠনৰ তথ্য সহ ফাদিল কৰাৰ পাছত এইবাৰ পোহৰলৈ আহিছে চৰকাৰী চাউলৰ চোৰাং বজাৰৰ এক গোপন তথ্য। দৰিদ্ৰ ৰেচনকাৰ্ডধাৰী নাগৰিকৰ মুখৰ ভাত কাঢ়ি খোৱা এনেচাম দুৰ্নীতিগ্ৰস্তই এইবাৰ চৰকাৰী চাউলৰ চোৰাং বেহাৰ গোপন ঘাটি পাতিছে লাইন হোটেল আৰু ধাবাত ।
"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধান কালত উন্মোচিত হৈছে এই ভয়ংকৰ চোৰাং বেহাৰ তথ্য। হাতত মজুত থকা তথ্য মতে গোগামুখ -ঘিলামৰাহৈ ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথৰ দাঁতিত থকা একাংশ লাইন হোটেল আৰু ধাবাত চলে এই চোৰাং আৰু অবৈধ বেহা । কেমেৰাত বন্দী হৈছে এই গোপন বেহাৰ সমগ্ৰ দৃশ্য ।
গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰবাৰী অঞ্চলৰ " চেনেহী ধাবা"ত দীৰ্ঘ দিন ধৰি চলি আহিছে এই চৰকাৰী আঁচনিৰ চাউলৰ চোৰাং বেহা। বুধবাৰে বিয়লিও এইখন ধাবাত অবৈধভাৱে মজুত ৰাখিছিল তিনি বেগ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চৰকাৰী চাউল ।
এই সন্দৰ্ভত গোপন সূত্ৰে খবৰ লাভ কৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ তৰফৰ পৰা চলোৱা হৈছিল অভিযান। অভিযান কালত ইয়াৰে দুটা চাউল ভৰ্তি বেগ উক্ত ধাবাত আশ্ৰয় লৈ থকা এখন ডাম্পাৰৰ চালক হেণ্ডিমেনে ক্ৰয় কৰি কেবিনত সুমুৱাই সৰবৰাহ কৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছিল।
এই সন্দৰ্ভত ঘিলামৰা আৰক্ষী থানাৰ অৱগত হোৱাত থানাৰ সন্মুখত আৰক্ষীয়ে তালাচী চলাই গোপনে সৰবৰাহ কৰি অনা এ এছ ২২-এ চি- ৮৪০০ নম্বৰৰ ডাম্পাৰখনৰ কেবিনৰ পৰাচৰকাৰী আঁচনিৰ চাউল দুবেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পাছত ঘিলামৰা আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰাৰ লগতে চালক আৰু সহকাৰীজনক আটক কৰে ।
এই সন্দৰ্ভত ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন দাসে ঢকুৱাখনাৰ মহকুমাধিপতি আৰু খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগক অৱগত কৰে। মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ নিৰ্দেশ মতে যোগান বিষয়া কবিন্দ্ৰ মেদক আৰু শ্যাম কুটুম ঘিলামৰা থানাত উপস্থিত হৈ বিভাগীয় তদন্ত চলাই।
তাৰোপৰি আৰক্ষীৰ সহযোগত উক্ত চোৰাং বেপাৰৰ ভুস্বৰ্গ স্বৰূপ "চেনেহী ধাবা"ত অভিযান চলাই অবৈধ ভাৱে মজুত ৰখা আধা বেগ চৰকাৰী আঁচনিৰ চাউল জব্দ কৰিবলৈ সক্ষম হয়। বিশেষ সূত্ৰে জনোৱা মতে চোৰাং চাউলৰ গোপন মজুত ভঁৰাল এই ধাবাখনত যোগান বিভাগে চলোৱা অভিযান পলম হোৱাত বিপদৰ উমান পাই ইতিমধ্যে বহু পৰিমাণৰ চাউলৰ বেগ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ সক্ষম হয় ধাবাখনৰ চোৰাং চাউলৰ বেপাৰী চক্ৰটো।
এই সন্দৰ্ভত ঘিলামৰা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯/৪১১(৩৪) ধাৰাত এক নিজাববীয়া গোচৰ ( নং- ৪৯/২০২৩) পঞ্জীভূত হৈছে । উল্লেখ্য যে ধাবাখনৰ পৰা চালক আৰু হেণ্ডিমেন দুগৰাকীযে প্ৰতি কেজি চাউলৰ বিপৰীতে ৩৩ টকাকৈ মুঠ ১ হাজাৰ ৬৫০ টকা দি চাউলখিনি ক্ৰয় কৰি লোৱা বুলি স্বীকাৰুক্তি দিছে আৰক্ষীক ।
চোৰাং চাউলৰ ক্রেতা চালক ,হেণ্ডিমেন দুজনক আৰক্ষীয়ে নটিছ"ত মোকোলাই দিছে আৰু ডাম্পাৰখন জব্দ কৰি ৰাখি বিধিগত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জনাইছে । হিতাধিকাৰীৰ বাবে দুৰ্লভ হোৱা এই চৰকাৰী আঁচনিৰ চাউল ধাবাত সুলভ হোৱা ঘটনাই বাস্তৱিকতে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নামত ঘটি অহা দুৰ্নীতিৰ বজাৰখনকে প্ৰকট কৰিলে ।