পশ্চিম ঘিলামৰা এম ই স্কুলৰ সোণালী জয়ন্তী : প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰঙ্গ আলাপ

পশ্চিম ঘিলামৰা এম ই স্কুলৰ সোণালী জয়ন্তী : প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰঙ্গ আলাপ

author-image
Asomiya Pratidin
New Update
পশ্চিম ঘিলামৰা এম ই স্কুলৰ সোণালী জয়ন্তী : প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰঙ্গ আলাপ

ডিজিটেল সংবাদ, ঘিলামৰাঃ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পশ্চিম ঘিলামৰা এম ই স্কুলৰ সোণালী জয়ন্তী উৎসৱৰ শুকুৰবাৰে দ্বিতীয় দিনাৰ আবেলি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰঙ্গ আলাপ অনুষ্ঠিত হয়। আজিৰ এই সভাখন সঞ্চালনা কৰে প্ৰাক্তন ছাত্ৰ ৰাতুল গগৈয়ে।

Advertisment

উক্ত সভাত সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি গুণকান্ত বড়া, কাৰ্যকৰী সভাপতি পূৰ্ণানন্দ চেতিয়া, প্ৰাক্তন প্ৰধান শিক্ষক অমিয় বৰুৱা, প্ৰাক্তন শিক্ষক বলিচৰণ গগৈ, শিক্ষাবিদ অমিয় কুমাৰ সন্দিকৈ উপস্থিত থাকে।

আনহাতে বহু কেইজন প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থকা অন্তৰঙ্গ অনুষ্ঠানটোৱে সকলোকে নষ্টালজিক কৰি তোলে। এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে।

দুয়োটা দিনতে সাংস্কৃতিক মঞ্চ উদ্বোধনৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আজি আবেলি স্মৃতিগ্ৰন্থ উন্মোচন আৰু সন্ধিয়ালৈ স্থানীয় শিল্পীৰ দ্বাৰা গীত-মাত অনুষ্ঠিত হয়।

Also Read: কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব'ত অসম সন্তান টকজিৰ সাফল্য...

ghilamara golden jubilee school