/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9fe8e908-fba4-4de7-943a-1ca9eb04a495/ghilamora_13.jpg)
বিহু উৰুৱা উৎসৱৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি: মঙ্গলবাৰে লাইখুঁটা স্থাপন...
ডিজিটেল সংবাদ ঢকুৱাখনা: স্বকীয় জাতিয় লোক কৃষ্টি সংস্কৃতিৰ সমুজ্জ্বল পৰম্পৰা বিগত ৫০ বছৰ ধৰি অৱধাৰিত ভাবে উদযাপন কৰি অহা ঢকুৱাখনা মহকুমাৰ পশ্চিম ঘিলামৰা বিহু উৰুৱা উৎসৱ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষত উপনীত হৈছে। বিগত ১৯৭৩ চনতে বৃহত্তৰ পশ্চিম ঘিলামৰা অঞ্চলৰ সংস্কৃতি প্ৰেমীৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা এই বিহু উৎসৱ চলিত বৰ্ষত সোণালী জয়ন্তী ক্ষণত উপনীত হোৱাৰ উপলক্ষত সংস্কৃতি প্ৰেমী ৰাইজে বৰ্ণিল কাৰ্য ক্রমণিকাৰে সোণালী জয়ন্তী উৎসৱটি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
পশ্চিম ঘিলামৰা যুৱ সংঘৰ সৌজন্যত অহা ১২ ,১৩,১৪ মে'ত তিনি দিনীয়া কাৰ্যসূচীৰে অনুস্থিতব্য এই সোণালী জয়ন্তী উৎসৱটি সৰ্বতো প্ৰকাৰে সাফল্য মণ্ডিত কৰাৰ বাবে বৃহত্তৰ পশ্চিম ঘিলামৰাবাসী ৰাইজে ৰাজহুৱা সভা আহ্বান কৰি প্ৰবীণ বৰুৱাক সভাপতি, বলি চৰণ গগৈক কাৰ্যকৰী সভাপতি আৰু দিলীপ বৰাক সম্পাদক ,শিৱ প্ৰসাদ বৰুৱাক সহকাৰী সম্পাদক হিচাবে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি দিছে ।
প্ৰায় ২০ লাখ টকাৰ এক বাজেট গ্ৰহণ কৰি "চামপৰা" নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো ব্যাপক প্ৰস্তুতি অব্যাহত ৰখা উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে মঙ্গলবাৰে অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীৰ বিয়লি ১ বজাত পশ্চিম ঘিলামৰা যুৱক সংঘৰ প্ৰাংগণত আগন্তক সোনালী জয়ন্তী উৎসৱৰ পবিত্ৰ লাই খুঁটা স্থাপন অনুষ্ঠান আৰু উদযাপন সমিতিৰ অস্থায়ী কাৰ্য্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰিছে ।
উদযাপন সমিতিৰ সভাপতি বৰুৱা ,সম্পাদক বৰাই পশ্চিম ঘিলামৰা যুৱক সংঘৰ সমূহ বিষয়ববীয়া , সদস্য, সদস্যা , সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া কৰ্মকর্তা আৰু শুভাকাংক্ষী ৰাইজ সকলোকে জাতিয় সাজ পৰিধাণ কৰি লাই খুঁটা স্থাপন প্ৰাংগনলৈ নিৰ্ধাৰিত সময়ত উপস্থিত থাকি কাৰ্যসূচী সফল কৰাত অংশীদাৰ হ'বলৈ অনুৰোধ জনাইছে ।
Also Read: ইউটিউবত উপলব্ধ ডাঃ বেজবৰুৱা- ২ ! ফেচবুকত শ্বেয়াৰ হৈছে লিংক...