ঘিলামৰা আৰক্ষী থানাৰ উপ পৰিদর্শকৰ প্ৰহাৰত আহত পত্নী...

ঘিলামৰা আৰক্ষী থানাৰ উপ পৰিদর্শকৰ প্ৰহাৰত আহত পত্নী...
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: সৰ্বসাধাৰণ জনতাৰ কথা বাদেই, খোদ আৰক্ষী বিষয়াৰ হাতত সুৰক্ষিত আৰু নিৰাপদ নহ'ল মহিলা। শান্তি আৰু আইন শৃংখলা বৰ্তাই ৰখাৰ গধুৰ দায়িত্ব প্ৰাপ্ত আৰক্ষী বিষয়াৰ হাততে জীৱনৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে তেওঁৰেই অৰ্ধাঙ্গিনী। অসম আৰক্ষীক লজ্জানত কৰা এনে এক নির্লজ ঘটনা সংঘটিত হৈছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰা থানাত ।

অভিযোগ মতে, প্ৰায় ৪ দিনৰ পূৰ্বে ঘিলামৰা আৰক্ষী থানাত উপ পৰিদৰ্শক হিচাবে যোগদান কৰিছিল সত্যজিৎ বৰাই। লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মতে উপ পৰিদৰ্শক বৰাই ঘিলামৰা থানাত যোগদান কৰাৰ পাছতে বুধবাৰে কন্যাক লগত লৈ বৰাৰ চৰকাৰী বাসগৃহত উপস্থিত হয় পত্নী। দেওবাৰে পুৱা প্ৰায় ৮ বজাতে স্বামীৰ বাস গৃহত উপস্থিত হৈ স্বামীক নাপাই পত্নী কন্যাই ঘিলামৰা থানাতে বহি স্বামী অহালৈ অপেক্ষা কৰে।

পৰৱৰ্তী সময়ত উপ পৰিদৰ্শক বৰা দিনৰ প্ৰায় ১১বজাত থানাত উপস্থিত হয়। থানাত পত্নী কন্যাক দেখিয়ে বৰাই অসভ্য আচৰণ কৰি নাবালিকা কন্যাক এখন ব্যক্তিগত গাড়ীত উঠাই অজ্ঞাত স্থানলৈ লৈ যায়। তাৰপাছত আৰক্ষী বিষয়াজন নিশা প্ৰায় ৯-৪৫ বজাত থানাত উপস্থিত হৈ নিজৰ কোৱাৰ্টাৰলৈ যোৱাত পত্নীও গৈ উপস্থিত হয় স্বামীৰ কোৱাৰ্টাৰত। ইয়াৰ পাছতেই উদ্ভৱ হয় নির্লজ কাণ্ড।

পত্নীৰ উপস্থিতিৰ পাছতে উপ পৰিদৰ্শক বৰাই পত্নীক উপৰ্যুপৰি মাৰপিট কৰে। আইনৰ ৰক্ষক আৰক্ষী বিষয়া বৰাৰ নিৰ্মম প্ৰহাৰত মৰণ কাতৰ আৰ্তনাদ কৰে পত্নীয়ে।  প্ৰথমে গৃহৰ ভিতৰত আৰু পাছত বাহিৰলৈ উলিয়াই বিষয়া গৰাকীয়ে চলোৱা নিৰ্মম প্ৰহাৰৰ লগতে গালি-গলাজৰ বাবে থানা চৌহদত এক উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয় । ঘটনাৰ প্ৰত্যক্ষদৰ্শী হয় চৌহদৰ গৰিষ্ঠ সংখ্যক আৰক্ষী পৰিয়াল। এনে সময়তে একাংশ মহিলা আৰু পত্নীৰ আত্মীয়ই থানা চৌহদত উপস্থিত হৈ গুৰুতৰ ভাবে আহত পত্নীক উদ্ধাৰ কৰি নিয়ে।

প্ৰত্যক্ষদৰ্শী মহিলা সকলে আৰক্ষী বিষয়া গৰাকীক এনে কাণ্ডজ্ঞানহীন আচৰণৰ বাবে কটু গালি-গালাজ কৰি প্ৰস্থান কৰে। সম্প্ৰতি প্ৰহৃত মহিলা গৰাকী ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মাহধুৱা গাঁৱৰ পিতৃ গৃহত আশ্ৰয় লৈ আছে। আহত মহিলা গৰাকীৰ আত্মীয়ই জানিবলৈ দিয়া মতে আৰক্ষী বিষয়া বৰাই এগৰাকী মহিলা আৰক্ষীৰ সৈতে পৰকীয়া প্ৰেমত মত্ত হৈ দীৰ্ঘদিন ধৰি পত্নী পৰিয়ালৰ প্ৰতি দায়িত্বহীন ভূমিকা গ্ৰহণ কৰি আহিছে। পত্নী আৰু পৰিয়ালৰ সৈতে সু সম্পৰ্ক নাৰাখি সীমাহীন দুৰ্ভোগৰ লগতে বহু সময়ত শাৰীৰিক নিৰ্যাতন চলাই আহিছে পত্নীক।

স্মৰ্তব্য যে, এনে নিৰ্যাতন সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকক ভুক্তভোগী পত্নীয়ে অৱগত কৰাত জিলা আৰক্ষীয়ে উপ পৰিদৰ্শক বৰাক ঘটনা সংঘটিত হোৱাৰ দিনাই লখিমপুৰলৈ জৰুৰী ভাবে তলব কৰি উপ পৰিদৰ্শক গৰাকীৰ চাৰ্ভিছ পিষ্টল "আৰ্মচ কোর্ট"ত জমা ৰাখিবলৈ নিৰ্দেশ দিয়ে। তাৰ পৰা থানালৈ উভতি আহিয়ে পত্নীৰ ওপৰত অকথ্য শাৰীৰিক নিৰ্যাতন চলাই আৰক্ষী বিষয়া বৰাই।

ঘিলামৰা থানাত কেইদিনমানৰ পূৰ্বে উপ পৰিদৰ্শক হিচাবে যোগ দিয়া বিষয়া গৰাকীৰ এনে উদণ্ড কাণ্ডই ব্যাপক চৰ্চা লাভ কৰিছে। থানাত যোগদান কৰিয়ে অসহিষ্ণু, দাম্ভিক আৰু উদণ্ড আচৰণ কৰি বিতৰ্কিত হৈ পৰা এছ আই বৰাৰ কাৰ্যকালত ঘিলামৰাবাসীৰ ভৱিষ্যত নিৰাপদ নহয় বুলি ৰাইজৰ দল সংগঠনে একেমুখে মত ব্যক্ত কৰিছে। ঘিলামৰা থানাক বদনামী কৰা এইজন উদণ্ড বিষয়াক শীঘ্ৰে ঘিলামৰা থানাৰ পৰা বদলি কৰাৰো দাবী উত্থাপিত হৈছে।

ঘিলামৰা আৰক্ষী থানাৰ উপ পৰিদর্শকৰ প্ৰহাৰত আহত পত্নী...
চিলঙনীত পুষ্টিহীনতা আৰু ৰক্তহীনতা সন্দৰ্ভত সজাগতা সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in