ধুমুহাই ধুনিলে ঘিলামৰা...
ধুমুহাই ধুনিলে ঘিলামৰা...

ধুমুহাই ধুনিলে ঘিলামৰা...

ডিজিটেল সংবাদ ঢকুৱাখনা: এজাক বিধ্বংসী ধুমুহাই সামগ্ৰিক ভাৱে তচনচ কৰি পেলালে ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত বৃহত্তৰ ঘিলামৰা । সোমবাৰে নিশা প্ৰায় ৮-৪০ বজাত মেঘ আন্দোলাই অনা এজাক প্ৰচণ্ড বেগী ধুমুহাই সোৱণশিৰী ৰাজহ  চক্ৰৰ অন্তৰ্গত বিস্তৰ এলেকাত তাণ্ডৱ চলাই ঘৰ-বাৰী , গছ-গছনি  ভাঙি ধ্বংসস্তূপত পৰিণত কৰে ।

নিমিষতে ৰুদ্ৰ ৰূপ ধাৰণ কৰা ধুমুহা জাকে ঘিলামৰা ৰাজ্যিক ঘাইপথৰ লগতে বিভিন্ন উপ-পথৰ ওপৰত বৃহৎ বৃহৎ গছ ভাঙি ,বিদ্যুতৰ খুঁটা ভাঙি বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহাৰ লগতে সম্প্ৰতি অহা এজাক শিল বৰষুণৰ তাণ্ডৱ অদ্যপি অব্যাহত আছে ঘিলামৰাত আৰু বিদ্যুৎ যোগান ব্যাহত হৈ আছে ।

ধুমুহাই ধুনিলে ঘিলামৰা...
বিশ্ব চেম্পিয়ন লাভলীনা বৰগোহাঁইক উষ্ম অভিনন্দন সৰ্বানন্দ সোণোৱালৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in