/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f54e3fde-4c3f-472b-bed5-95841aa43bcf/NNNN.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ কেৱল পুথিগত শিক্ষা নহয়; এগৰাকী শিক্ষাৰ্থীক বৌদ্ধিক, শাৰীৰিক, সাংস্কৃতিক আৰু মানসিক ভাবেও নিপুণ কৈ গঢ় দি সমাজহিতৈষী নাগৰিক নিৰ্মাণৰ সংকল্পৰে ঘিলামৰাত স্থাপন হৈছিল সংকল্প একাডেমী। ঘিলামৰা সদৰত ২০২২ চনত প্ৰতিষ্ঠা হোৱা এইখন ব্যক্তিগত খণ্ডৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠান সংকল্প একাডেমীৰ দ্বিতীয় সংখ্যক নৱাগত আদৰণি সভাখনি শুকুৰবাৰে অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1fe53bc0-8fb2-421e-950f-fa2807f206e6/f561017b_c1d7_42e6_97c2_5aad0ad0f23e.jpg)
পুৱাৰ পৰা বিয়লিলৈ অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীৰ উপৰিও বিদ্যালয়খনত অনুষ্ঠিত কৰা হয় ন-পুৰণি শিক্ষাৰ্থীসকলৰ মাজত অন্তৰংগ বাৰ্তালাপ অনুষ্ঠান। একাডেমীৰ শিক্ষাগুৰুসকলৰ পৰিচালনাত সৰ্বাংগ সুন্দৰভাবে অনুষ্ঠিত পৰিশীলিত অনুষ্ঠানত নৱাগত শিক্ষাৰ্থীসকলে নিজৰ পৰিচয় প্ৰদান কৰাৰ উপৰিও ৰুচি অনুসৰি স্বকীয় ভিন্ন প্ৰতিভাৰ নিখুঁত প্ৰদৰ্শন কৰে। আনহাতে দুপৰীয়া অনুষ্ঠিত মুকলি সভাত মননশীল আদৰণি ভাষণ আগবঢ়াই একাডেমীৰ পৰিচালন সঞ্চালক নিতুল কুমাৰ ভূঞাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/198eff0d-af2c-40a5-b527-ed10f81de7fe/7fe36cac_0c82_40b2_8e38_042d62eb2d5e.jpg)
একাডেমীৰ অধ্যক্ষ লক্ষীকান্ত শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত মুখ্য অতিথি হিচাবে বক্তব্য প্রদান কৰে গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ দলেয়ে। আনহাতে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰকৃতি সংৰক্ষক বনজিৎ ভট্টই নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যায়তনিক শিক্ষাৰ লগতে সাম্প্ৰতিক সময়ত এগৰাকী সফল ভৱিষ্যধৰ হিচাবে আত্ম স্বীকৃতি অর্জন কৰিবলৈ আৰু বৃত্তিমুখী প্ৰৱণতাৰ সমান্তৰালভাবে সমাজ উত্তৰণমুখী মাৰ্গ দৰ্শনেৰে আগুৱাই যাবলৈ প্ৰণালীবদ্ধ শিক্ষা আহৰণ কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9e135c67-af60-4ae6-81c2-8847a39606ce/2f3af81e_713e_4817_80ab_2b113b027aa7.jpg)
তদুপৰি একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণকান্ত কোঁচ, উপ সভাপতি দেৱেন ফুকন, গন্ধিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱ দত্ত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে। জনাকীৰ্ণ সভাত বৰ্তমান শিক্ষা, শিক্ষক আৰু নতুন শিক্ষানীতিৰ লগতে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ মাজত দেখা দিয়া ব্যৱধান সম্পর্কে মনোজ্ঞ বিশ্লেষণ কৰা হয়। একাডেমীৰ গৰিষ্ঠ সংখ্যক নবীন প্ৰবীণ শিক্ষাৰ্থী, অভিভাৱক, শিক্ষানুৰাগী ৰাইজ উপস্থিত থকা নৱাগত আদৰণি সভাত একাডেমীৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা বিতুশ্রী চেতিয়াৰ কথা আৰু সুৰেৰে সজোৱা একাডেমীৰ শীর্ষগীতটি আনুষ্ঠানিকভাবে উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক তথা একাডেমীৰ শিক্ষা তত্ত্বাবধায়ক ইন্দিবৰ বুঢ়াগোহাঁইয়ে।
সহকাৰী অধ্যাপক বিতুশ্ৰী চেতিয়াই আঁত ধৰা সভাত একাডেমীৰ শিক্ষাৰ্থীসকলে পৰিবেশন কৰা শ্ৰুতিমধুৰ গীত আৰু দৃষ্টিনন্দন নৃত্যই উপস্থিত অভ্যাগতসকলক সন্মোহিত কৰি ৰাখে।
Also Read: অলংকাৰ চাফা কৰাৰ নামত প্রৱঞ্চকে লুটি নিলে লক্ষাধিক টকাৰ সোণৰ গহনা...