বৰদলনি শিক্ষা খণ্ডৰ সোৱণশিৰীত "টেবলেট" বিতৰণ...

শিক্ষা বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি এক সভা অনুষ্ঠিত কৰা হয় মধ্য চামমৰা উচ্চ মাধ্যমিক আৰু জয়া মধ্য ইংৰাজী বিদ্যালয়ত
বৰদলনি শিক্ষা খণ্ডৰ সোৱণশিৰীত "টেবলেট" বিতৰণ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যখনৰ চৰকাৰী , প্ৰাদেশীকৃত উচ্চ মাধ্যমিক,উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয় সমূহলৈ যোগান ধৰা বিনামূলীয়া "টেবলেট" (TABLET) বুধবাৰে ঘিলামৰাত বিতৰণ কৰা হয়।

ঘিলামৰাত অৱস্থিত বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত বিলমুখ, সোৱনশিৰী, সোৱনশিৰী অতিৰিক্ত-০১, ০২, ০৩ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক দুলাল দিহিঙ্গীয়াৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা সভাত চৰকাৰ প্ৰদত্ত এই  "টেবলেট" সমূহ বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী সকলৰ মাজত  বিতৰণ কৰা হয়।

এই সন্দৰ্ভত শিক্ষা বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি এক সভা অনুষ্ঠিত কৰা হয় মধ্য চামমৰা উচ্চ মাধ্যমিক আৰু জয়া মধ্য ইংৰাজী বিদ্যালয়ত। ঘিলামৰাৰ গৰিষ্ঠ সংখ্যক ৰাইজ, অভিভাৱক, শিক্ষাগুৰু সকল উপস্থিত থকা সভাত সভাপতিত্ব কৰে ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডিম্বেশ্বৰ চেতিয়াই।

মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক দুলাল দিহিঙ্গীয়া উদ্দেশ্য ব্যাখা কৰি শিক্ষা বিভাগৰ দ্বাৰা যোগান ধৰা এই 'টেবলেট"ত উপলব্ধ "শিক্ষা সেতু এপ"ৰ ব্যৱহাৰৰ বিস্তৃত অবলোকণ কৰে । শিক্ষাগুৰু সকলে বিভাগীয় কাৰ্যালয়লৈ নোযোৱাকৈ সকলো তথ্য বিদ্যালয়ৰ পৰাই প্ৰেৰণ, সংগ্ৰহ কৰাৰ এক সু পৰিকল্পিত ব্যৱস্থা এই ব্যৱস্থাত উপলব্ধ হ'ব বুলি অৱগত কৰে । 

বিলমুখ গাঁও পঞ্চায়তৰ সভাপতি গনেশ দলে আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থকা সভাত শিক্ষাগুৰু সমাজক কেৱল ছাত্ৰ-ছাত্ৰী সকলক গুণগত শিক্ষাৰে শিক্ষিত কৰাত আত্মনিয়োগৰ লক্ষ্যৰে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা বুলি সভাত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ব্যক্ত কৰে। সভাত এই অত্যাধুনিক ব্যৱস্থাৰ জৰিয়তে শিক্ষাগুৰু, ছাত্ৰ ছাত্ৰীৰ উপস্থিতি তথ্য প্ৰেৰণ, শৈক্ষিক দিনপঞ্জী অনুসৰি কাৰ্য সম্পাদন, শ্ৰেণীৰ পাঠদানৰ সময়ত লেচন প্লেনৰ ব্যৱহাৰ, শিকন শিক্ষণ সামগ্ৰী ব্যৱহাৰ, শিক্ষকৰ নৈমিত্তিক চুটী আবেদন, বেতন খতিয়ান সংগ্রহ আদি বিভিন্ন সা সুবিধাৰ সন্দৰ্ভত বিস্তৃত ভাবে অৱগত কৰে আয়োজক দিহিঙীয়াই।

এই সন্দৰ্ভত সকলো শিক্ষাগুৰুক সজাগ আৰু সচেতন হোৱাৰ আহ্বান জনোৱা সভাতেই শিক্ষা খণ্ডটোৰ অন্তৰ্গত বিলমুখ, সোৱনশিৰী, সোৱনশিৰী অতিৰিক্ত-০১, ০২, ০৩ মণ্ডল সমল কেন্দ্ৰৰ ৬ খন উচ্চ মাধ্যমিক, ৪ খন উচ্চ প্ৰাথমিক, ৩১ খন নিম্ন প্ৰাথমিক বিদ্যালয় সহ মুঠ ৪১খন বিদ্যালয়ৰ প্ৰধান শিক্ষকক এই চৰকাৰী বিনামূলীয়া "টেবলেট" প্ৰদান কৰা হয়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in