ঘিলামৰাত পৌঢ় ইটা ভাটা মালিকৰ কামনাৰ বলি কিশোৰী, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

সভ্য সমাজক লজ্জিত কৰা এক নিকৃষ্ট ঘটনা সংঘটিত হৈছে ঘিলামৰাত। এগৰাকী ৫৮ বছৰীয়া পৌঢ় ব্যক্তিৰ কামনাৰ বলি হব লগা হল এটি ফুলকুমলীয়া কন্যা শিশু । ঘটনাৰ স্থান ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁও

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত পৌঢ় ইটা ভাটা মালিকৰ কামনাৰ বলি কিশোৰী, অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

অভিযুক্ত

ডিজিটেল সংবাদ, ঢকুৱাখনঃ সভ্য সমাজক লজ্জিত কৰা এক নিকৃষ্ট ঘটনা সংঘটিত হৈছে ঘিলামৰাত। এগৰাকী ৫৮ বছৰীয়া পৌঢ় ব্যক্তিৰ কামনাৰ বলি হব লগা হল এটি ফুলকুমলীয়া কন্যা শিশু । ঘটনাৰ স্থান ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁও । 

Advertisment

গাঁওখনত অৱস্থিত "সীমা ব্ৰিক ফেক্টৰী"ৰ স্বতাধিকাৰী কপিল ডুবে নামৰ বয়স্ক ব্যক্তি গৰাকীয়ে অঞ্চলটোৰ এগৰাকী প্ৰায় ৮ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগে তোলপাৰ লগাইছে সমগ্ৰ অঞ্চল ।

ঘটনাৰ বিবৰণি অনুসৰি যোৱা ৮ মে'ৰ দুপৰীয়া ইটা ভাটাতোৰ  মালিক কপিল ডুবেয়ে ভাটা চৌহদত থকা নিজৰ অস্থায়ী ঘৰত কোনো নথকাৰ সুযোগ লৈ ভাতাটোত কৰ্মৰত এজন শ্ৰমিকৰ ৮ বছৰীয়া কিশোৰী গৰাকীক ভিতৰলৈ প্ৰলোভন দেখুৱাই মাতি নি অসৎ কামনা চৰিতাৰ্থ কৰে।

পাছত বিয়লি ভুক্তভোগী কিশোৰী গৰাকীয়ে মাতৃক অমানৱীয় ঘটনাৰ বৰ্ণনা দিয়াত পাছদিনা স্বামীয়ে গৈ বৰ্বৰ চৰিত্ৰৰ ডুবেক প্ৰশ্ন কৰাত নিজৰ নষ্ট চৰিত্ৰ ৰাজহুৱা হোৱাৰ ভয়ত দৰিদ্ৰ পিতৃক নিৰ্মম ভাবে মাৰপিত কৰে ।

এই সন্দৰ্ভত পত্নীয়ে স্বামীক সুৰক্ষা দিবলৈ চেষ্টা কৰাৰ বাবে নিৰ্যাতিতা গৰাকীৰ মাতৃকো নিৰ্মম ভাবে প্ৰহাৰ কৰে। পৰৱৰ্তী সময়ত দৰিদ্ৰ নিৰ্যাতিতা পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত মহিলা সমিতিক অৱগত কৰে ।

মহিলা সমিতিৰ পৰামৰ্শৰ ভিত্তিত নাবালিকা গৰাকীৰ অভিভাৱকে ঘিলামৰা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন দাসে এই সন্দৰ্ভত বৃহস্পতি বাৰে এক গোচৰ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬/৩২৫/৫০৬/ আৰু পকচ' আইনৰ ৬ ধাৰাত (নং-৩০/২০২৩) পঞ্জীয়ন কৰি ভুক্তভোগীৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰিছে আৰু বিস্তৃত স্বাস্থ্য পৰীক্ষাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

দৰিদ্ৰতাৰ সুযোগ লৈ নিজৰ ইটা ভাটাৰ কৰ্মৰত শ্ৰমিকৰ কিশোৰী কন্যাৰ যৌন আতিহার্য চলোৱাৰ দৰে নিকৃষ্ট কাণ্ড সংঘটিত কৰা ধুৰন্ধৰ বৃদ্ধ ডুবেক ঘিলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানাত ৰাখিছে ।

নিৰ্যাতিতা কিশোৰী গৰাকীৰ পিতৃ, মাতৃয়ে সংবাদ মাধ্যমক জনোৱা মতে কিশোৰী গৰাকীৰ ব্যক্তিগত অংগ স্পৰ্শ কৰাৰ লগতে বলপূৰ্বক যৌন নিৰ্যাতন চলাইছিল লম্পট ডুবেয়ে ।

যৌনতা কি বুজিকে নোপোৱা নিৰ্বোধ কিশোৰী গৰাকীৰ ওপৰত এনে দানৱীয় দুষ্কাৰ্যৰে লালসা পূৰণ কৰা প্ৰতিপত্তিশীল ডুবেয়ে যাতে আৰক্ষীক হাত কৰি, বিপথে পৰিচালিত কৰি আইনী সুৰুঙাৰে বাচি যাব নোৱাৰে তাৰ বাবে সতৰ্ক হোৱাৰ আহ্বান জনাইছে ঘিলামৰা আৰক্ষীক।

স্থানীয় ৰাইজে এগৰাকী কিশোৰীক যৌন অত্যাচাৰ চলোৱা এই পাষণ্ডতোক কঠোৰতম আইনগত শাস্তি বিহাৰ দাবী জনাইছে। ইপিনে অভিযুক্ত পক্ষই এই অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে ।

Also Read: খুংগ্ৰীঙত বাল্যবিবাহৰ বিৰুদ্ধে সজাগতামূলক প্ৰশিক্ষণ শিবিৰ

minor rape