খুংগ্ৰীঙত বাল্যবিবাহৰ বিৰুদ্ধে সজাগতামূলক প্ৰশিক্ষণ শিবিৰ
ডিজিটেল সংবাদ, চিৰাং : বাল্যবিবাহ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ খুংগ্ৰীঙত তিনিদিনীয়া সজাগতামূলক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। কাজলগাঁৱস্থিত অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ উদ্যোগত শীৰ্ষক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়।
সমাজৰ পৰা কিদৰে বাল্যবিবাহ দৰে সামাজিক অপৰাধ নাইকিয়া কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ১০ মে'ৰ পৰা খুংগ্ৰীঙৰ ভি চি ডি চি কাৰ্যালয়ৰ সভাকক্ষত এই তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয় । উক্ত সজাগতা প্ৰশিক্ষণ শিবিৰত খুংগ্ৰীং ভি চি ডি চি এলেকাৰ বিভিন্ন আত্মসহায়ক সহায়ক গোটৰ সদস্যা, স্বেচ্ছাসেৱী সংগঠনৰ সদস্য/সদস্যা ভি চি ডি চিৰ সভাপতি/ সদস্য সমন্বিতে অন্যান্য লোকসকলে অংশগ্ৰহণ কৰে।
তিনিদিনীয়া এই সজাগতামূলক প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মৃদু পবন মেধী আৰু প্ৰশিক্ষণ আগবঢ়ায় মনোষ বসুমতাৰী আৰু মনোৰঞ্জন বসুমতাৰীয়ে । সংবাদ মাধ্যমৰ সন্মুখত জনোৱা মতে মৃদুপৱন মেধীয়ে বাল্যবিবাহ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ইতিমধ্যেই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বাল্যবিবাহৰ দৰে কু সংস্কাৰ সমাজৰ পৰা আঁতৰাবলৈ হ'লে প্ৰথমতে গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত সজাগতা আনিব লাগিব বুলি মন্তব্য কৰে।
লগতে তেওঁ বাল্যবিবাহৰ বিৰুদ্ধে এনেধৰণৰ সজাগতামূলক প্ৰশিক্ষণ শিবিৰ জিলাখনৰ প্ৰতিখন ভি চি ডি চি এলেকাত অনুষ্ঠিত কৰা হ'ব আৰু চিৰাং জিলাত বাল্যবিবাহৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযান খুংগ্ৰীং ভি চি ডি চিৰ পৰাই আৰম্ভ কৰা হৈছে বুলি মেধীয়ে সদৰি কৰে ।