Advertisment

ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ পুলক গগৈক সম্বৰ্ধনা...

যুগল শইকীয়াৰ অৱসৰ গ্ৰহণৰ পাছত নৰ্থ বেংক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ মুৰব্বী তথা জ্যেষ্ঠ অধ্যাপক পুলক গগৈয়ে। 

author-image
Asomiya Pratidin
New Update
ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ পুলক গগৈক সম্বৰ্ধনা...

ডিজিটেল সংবাদ, ঢকুৱাখনা: উত্তৰ অসমৰ এখন অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঘিলামৰাৰ নৰ্থ বেঙ্ক মহাবিদ্যালয়। ১৯৬১ চনতে প্ৰাণ প্ৰতিষ্ঠা হোৱা এইখন নামজ্বলা জ্ঞানৰ মন্দিৰৰ বহু বিতৰ্কিত অধ্যক্ষ ড০ যুগল শইকীয়াৰ কৰাল গ্ৰাসৰ পৰা মহাবিদ্যালয় পৰিয়ালে পৰিত্ৰাণ পালে।

Advertisment

সীমাহীন স্বেচ্ছাচাৰী নীতিৰে মহাবিদ্যালয়ৰ প্ৰশাসনিক কাম কাজ চলাই মহাবিদ্যালয়খন কলংকিত কৰি যোৱা অদক্ষ অধ্যক্ষ শইকীয়াই যোৱা ২৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিছে। মহাবিদ্যালয়ৰ শৈক্ষিক আৰু বিদ্যায়তনিক ক্ষেত্ৰত প্ৰধান অন্তৰায় হৈ থিয় দি যোৱা শইকীয়াৰ অৱসৰ গ্ৰহণৰ পাছত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ মুৰব্বী তথা জ্যেষ্ঠ অধ্যাপক পুলক গগৈয়ে। 

যোৱা ২৮ ফেব্ৰুৱাৰীত ড০ শইকীয়াৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত ৩ মাৰ্চত নৱনিযুক্ত সৰ্বজন গ্ৰাহ্য শিক্ষাবিদ, ভাৰপ্ৰাপ্ত অধ্যক্ষ গগৈক মহাবিদ্যালয় শিক্ষক গোট ,কৰ্মচাৰী গোটৰ তৰফৰ পৰা শুভেচ্ছামূলক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰোপৰি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অনুমোদন ক্ৰমে "শৈক্ষিক সমন্বয়ক" হিচাবে নিযুক্ত হোৱা কল্পনা কলিতাকো মহাবিদ্যালয় শিক্ষক কৰ্মচাৰীসকলৰ তৰফৰ পৰা উষ্ণ সম্বৰ্ধনা জনোৱা হয় ।

এই সন্দৰ্ভত মহাবিদ্যালয় প্ৰাঙ্গনত এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শিক্ষক গোটৰ সভাপতি ড০ কল্পনা বৰুৱাৰ সঞ্চালনাত  অনুষ্ঠিত সম্বৰ্ধনা সভাত উদ্দেশ্য ব্যাখ্যা কৰে গোটৰ সম্পাদক মোহিত  কুমাৰ সোণোৱালে।

মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ভবেশ মৰাং, জ্যেষ্ঠ শিক্ষক ভবেশ চহৰীয়া, শোভ দাস আদিযে দুয়োগৰাকী নব নিযুক্ত মুৰব্বীক শুভেচ্ছা জনাই বক্তব্য আগবঢ়াই। মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী উপস্থিত থকা অনুষ্ঠানত শিক্ষক গোটৰ লগতে ব্যক্তিগত ভাবেও শিক্ষক কৰ্মচাৰী সকলে উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে। 

শিক্ষক কৰ্মচাৰীসকলে পূৰ্বৰ স্থবিৰতা আৰু জঠৰতাসমূহৰ স্থায়ী নিৰসন কৰি মহাবিদ্যালয়খনৰ হৃত গৰিমা পুনৰ উদ্ধাৰ কৰাৰ বাবে ঐক্যবদ্ধ ভাবে আত্মনিয়োগ কৰাৰ সহমত পোষণ কৰে। নৱনিযুক্ত অধ্যক্ষ গগৈয়ে এই পবিত্ৰ জ্ঞানৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত তেওঁৰ প্ৰয়াত পিতৃ সতীষ চন্দ্ৰ গগৈৰ আত্মোৎস্বৰ্গী অৱদানৰ সশ্ৰদ্ধ স্মৰণ কৰি প্ৰয়াত পিতৃৰ সপোন বাস্তৱায়িত কৰাত নিৰন্তৰ চেষ্টা চলাই যোৱাৰ প্ৰতিশ্ৰুতি দি সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰে ।

উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ বুনিয়াদ গঢ়াৰ অন্যতম প্ৰধান খনিকৰ আৰু প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক হিচাবে অতুল্য অৱদান আগবঢ়াই গৈছে প্ৰয়াত শিক্ষাবিদ সমাজহিতৈষী ঢকুৱাখনা হিলৈদাৰী গাঁওৰ সতীশ চন্দ্ৰ গগৈয়ে। তেওঁৰেই সুযোগ্য সন্তান পুলক গগৈয়ে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰাত মহাবিদ্যালয় পৰিয়াল উৎসাহিত হৈ পৰা পৰিলক্ষিত হৈছে ।

ঢকুৱাখনা ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়