ঘিলামৰাৰ ৪ বান্দৰ ভক্ষণকাৰীক গ্ৰেপ্তাৰঃ বন বিভাগৰ গোচৰ

এটা বান্দৰক নিৰ্মম অত্যাচাৰেৰে হত্যা কৰি ভক্ষণ কৰা ৪ টা মাংস লোভী অৱশেষত আৰক্ষীৰ জালত পৰিল। ঘিলামৰাৰ বৰ্ষামুখ গাঁৱত যোৱা ২৭ জুনত সংঘটিত হৈছিল এই নিদাৰুণ ঘটনা। 

author-image
Asomiya Pratidin
New Update
ঘিলামৰাৰ ৪ বান্দৰ ভক্ষণকাৰীক গ্ৰেপ্তাৰঃ বন বিভাগৰ গোচৰ

ডিজিটেল সংবাদ,ঢকুৱাখনা: এটা নিৰ্বোধ বন্যপ্ৰাণীক ধৰি বান্ধি নিৰ্মম অত্যাচাৰেৰে হত্যা কৰি ভক্ষণ কৰা ৪ টা মাংস লোভী অৱশেষত আৰক্ষীৰ জালত পৰিল। ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ষামুখ গাঁৱত যোৱা ২৭ জুনত সংঘটিত হৈছিল এই নিদাৰুণ ঘটনা। 

Advertisment

গাঁওখনৰ অবিবেচকী ব্যক্তি উকীল টাইদে এটা বান্দৰ ধৰি বান্ধি মুকলিকৈ একাংশ কিশোৰৰ সহযোগত চলাইছিল নিৰ্যাতন। এটা বান্দৰক সন্মুখত পাই অত্যুৎসাহি হৈ গাঁওখনৰ ৰাজপথত সমদল কৰি হাতত লাঠী,  ফলা খৰি লৈ বন্য উল্লাসত মত্ত হৈছিল একাংশ কিশোৰ। 

তাৎপৰ্যপূৰ্ণ ভাবে এনে নিৰ্মম কাণ্ড প্ৰত্যক্ষ কৰিও কোনো এজন সচেতন নাগৰিক ওলাই নাহিল এই বৰ্বৰ আচৰণৰ প্ৰতিবাদ কৰিবলৈ। পৰিণতিত বান্দৰটোক মাৰি তাৰ মাংসৰে উদৰ পুৰাই ভক্ষণ কৰি আসুৰিক তৃপ্তি লৈছিল একাংশই। 

এই দুষ্কাৰ্যত সহযোগিতা কৰিছিল গাঁওখনৰ দ্ৰুণ টাইড,  সঞ্জীৱ টাইড আৰু চাৰণ মিলিয়ে।বান্দৰটো মাৰি, কাটি ইয়াৰ মাংস বন মানুহৰ ঔষধী মাংস বুলি অপপ্ৰচাৰ চলাই চুবুৰীয়া অঞ্চলত বিলাই দিছিল ভক্ষণৰ বাবে। 

এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত বাতৰি প্ৰকাশৰ পাছতে তৎপৰতা গ্ৰহণ কৰে ঘিলামৰা আৰু ঢকুৱাখনা আৰক্ষীয়ে।ঢকুৱাখনা উপ-বন সংমণ্ডলৰ বন বিষয়া কৰবী হাজৰিকাই নিৰ্বোধ বন্যপ্ৰাণীটোৰ ওপৰত অকথ্য নিৰ্যাতন চলাই হত্যা কৰাৰ সন্দৰ্ভত জিলা বন বিষয়া মনোজ কুমাৰ গোস্বামীক অৱগত কৰাৰ পাছত বন বিষয়াগৰাকীয়ে এক গোচৰ ৰুজু কৰে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত। 

সেই অনুক্ৰমে ঘিলামৰা, ঢকুৱাখনা থানা আৰু বন বিভাগৰ যুটীয়া অভিযান চলিছিল অপৰাধীক বিচাৰি। কিন্তু সফল নহৈছিল। গাঁওখনৰ গাঁওৰক্ষী বাহিনী আৰু পঢ়ুৱাওক গাঁও প্রধানে অভিযুক্তৰ পক্ষ লৈ স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত গ্ৰহণ কৰিছিল দূতলীয়া দৃষ্টিভংগী। 

ফলত ঘিলামৰা আৰক্ষী ব্যৰ্থ হৈছিল অভিযুক্তক কৰায়ত্ব কৰাত। ঘিলামৰা আৰক্ষীৰ এনে ব্যৰ্থতাৰ পাছত মিচিং জাতীয় সংগঠনৰ তৎপৰতাত ১২ ঘণ্টাৰ ভিতৰত ৪ গৰাকী অভিযুক্তক আটক কৰি ঘিলামৰা থানাত গতাই দি প্ৰশংসনীয় সামাজিক দায়িত্ব পালন কৰে। বৃহস্পতিবাৰে নিশা সংগঠনৰ নেতৃত্বই অভিযুক্ত ৪ জনকে লগত লৈ আনি ঘিলামৰা থানাত চমজাই দিয়ে। 

ঘিলামৰা আৰক্ষীয়ে শুকুৰবাৰে বিয়লি ঢকুৱাখনা বন বিভাগৰ হাতত বন্যপ্ৰাণী নিধনকাৰী কেইটাক নিৰ্দিষ্ট আইনৰ ধাৰাৰ আধাৰত গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। লখিমপুৰ বন বিভাগৰ ৰেঞ্জাৰ আৰু জিলা বন বিষয়া আহি ঢকুৱাখনা উপ বন সংমণ্ডলৰ কাৰ্য্যালয়ত উপস্থিত হৈ তদন্ত আৰম্ভ কৰি সাক্ষ্য গ্ৰহণ কৰিছে। 

আশংকা কৰা মতে এই দুষ্কাৰ্যত গাঁওখনৰ আৰু অধিক দুস্কৃতিকাৰী জড়িত আছিল। বন বিভাগৰ তদন্তৰ কালত এই সঠিক তথ্য পোহৰলৈ আহিব।

ঢকুৱাখনা ঘিলামৰা