/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3001b129-2fd2-4abf-8545-d578484510e0/47.jpg)
গোগামুখ-ঘিলামৰা ৰাজ্যিক ঘাইপথত পানী
ডিজিটেল সংবাদ,ঢকুৱাখনা : পুনৰ বৃদ্ধিপাইছে গাইকুমতিয়া আৰু জীয়াঢল নৈৰ জলস্তৰ। ফলত ভয়াৱহ বানৰ গ্ৰাসত পৰিছে ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহচক্ৰৰ বিস্তীৰ্ণ এলেকা।
ৰাজহ চক্ৰটোৰ অন্তৰ্গত ত্ৰিশূল, মেলেকী, দক্ষিণগাঁও, বাংক্লেং, শিয়ালমাৰী আদি প্ৰায় ১০ খন গাঁও বানৰ কবলত পৰিছে। বৃহস্পতিবাৰে পুৱাৰ পৰা গাইকুমতিয়া আৰু জীয়াঢলৰ বাঢ়নী পানীৰ ঢলে এইসমূহ গ্ৰামাঞ্চল, ঘৰ-বাৰী, খেতিপথাৰ, স্কুল আদি জলমগ্ন কৰাত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b780473d-2b42-4d7e-94d4-65211c1ccfff/f0923ed2-337a-4358-8327-1b29530c399c.jpg)
ক্ৰমবৰ্ধিত বানে গোগামুখ- ঘিলামৰা ৰাজ্যিক পথৰ চামপৰা অংশত একঁকালপৰ্যন্ত পানী উঠি ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । ফলত ঢকুৱাখনা মহকুমা সদৰ আৰু মাজুলী সংযোগী এই ৰাজ্যিক পথটোৰে যাতায়ত শীঘ্ৰে বন্ধ হোৱাৰ উপক্ৰম ঘটিছে।
ইপিনে বৰ্ধিত বানত দক্ষিণ গাঁৱৰ মধ্য চামপৰা জয়া মধ্য ইংৰাজী বিদ্যালয়খন ডুব গৈছে । বিদ্যালয়ৰ সকলো গুৰুত্বপূৰ্ণ আচবাব , যন্ত্ৰপাতি আৰু সা সম্পত্তি বানত ডুব যোৱা পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5b01d3f9-c1ea-4b09-98e9-8b5b03ae439e/1a6b2865-7a55-42d3-b4f9-54a889c1c794.jpg)
একাংশ ৰাইজে বিদ্যালয়ৰ কিছু সামগ্ৰী ওখ স্থানলৈ স্থানান্তৰ কৰা দৃষ্টিগোচৰ হৈছে । নিশা পৰ্যন্ত এই জলপ্ৰলয় অব্যাহত থাকিল ঘিলামৰাত অবৰ্ণনীয় পৰিস্থিতিৰ সূত্ৰপাত যে ঘটিব সেয়া নিশ্চিত ।
Also Read: কঠীয়াতলীত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা : এজনৰ অৱস্থা সংকটজনক