/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ঘিলামৰাত চামপৰা নদীত উদ্ধাৰ মানৱ দেহঃ এতিয়ালৈকে হোৱা নাই চিনাক্ত...
ডিজিটেল সংবাদ ঢকুৱাখনা: মঙলবাৰে বিয়লি এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছে ঘিলামৰাত। ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ গাঁও অঞ্চলৰ চামপৰা নদীত এই অৰ্ধ গলিত মৃতদেহতো উদ্ধাৰ কৰা হৈছে ।
ঘিলামৰা আৰক্ষীয়ে নদীৰ বুকুত ভাঁহি অহা এই মৃতদেহটোত সন্দৰ্ভত তথ্য লাভ কৰি নদীৰ পাৰে পাৰে সন্ধান চলাই। ঢকুৱাখনা এছ ডি আৰ এফ বাহিনীক অৱগত কৰি ঘিলামৰা আৰক্ষীয়ে বাংকেলেং অংশৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে ।
অদ্যপি চিনাক্ত নোহোৱা একাংশই এই মৃতদেহটো সুনীল গগৈৰ বুলি ধাৰণা কৰিছে যদিও আৰক্ষী নিশ্চিত হোৱা নাই। ইপিনে একাংশই এইটো কিছুদিন পূৰ্বে আম পাৰিবলৈ গৈ নিখোজ হোৱা যুৱক চিত্ৰ গোহাঁই ওৰফে কটকীৰ মৃতদেহ বুলি সন্দেহ কৰিছে ।
Also Read: ব্যৱসায়ীক প্ৰতিষ্ঠানত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰাসকল সাৱধান !