ঘিলামৰা যুৱ কংগ্রেছে জ্বলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি...

ৰূপহীহাটত মুখত ক'লা কাপোৰ বান্ধি ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰক কৰা বৰ্বৰ আক্ৰমণৰ তীব্ৰ নিন্দা কৰি শুকুৰবাৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে ঘিলামৰা ব্লক যুৱ কংগ্ৰেছে।

author-image
Asomiya Pratidin
New Update
ঘিলামৰা যুৱ কংগ্রেছে জ্বলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি

ডিজিটেল সংবাদ ,ঢকুৱাখনা: অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা জ্যেষ্ঠ কংগ্রেছী নেতা ৰকিবুল হুছেইন, পুত্ৰ তাঞ্জিল হুছেইন আৰু নিৰাপত্তাৰক্ষীৰ ওপৰত চলোৱা প্ৰাণনাশী আক্ৰমণৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। দিন দুপৰতে চামুগুৰিৰ ৰূপহীহাটত মুকলি ভাবেই মুখত কলা কাপোৰ বান্ধি কৰা বৰ্বৰ আক্ৰমণৰ তীব্ৰ নিন্দা কৰি শুকুৰবাৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে ঘিলামৰা ব্লক যুৱ কংগ্ৰেছে।

Advertisment

ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদপুষ্ট হোৱাৰ সুবাদতে জনপ্ৰতিনিধিৰ লগতে নিৰাপত্তাৰক্ষীৰ ওপৰত প্ৰাণনাশী আক্ৰমণ চলোৱা বুলি অভিযোগ উত্থাপন কৰে ব্লক যুৱ কংগ্ৰেছে। যিখন ৰাজ্যত জনপ্ৰতিনিধি, নিৰাপত্তাৰক্ষীৰ জীৱনৰ সুৰক্ষা নাই সেইখন ৰাজ্যত সাধাৰণ নাগৰিকৰ জীৱন সম্পত্তি কি সুৰক্ষিত হ'ব বুলি প্ৰশ্ন উত্থাপন কৰি ঘিলামৰা ব্লক যুৱ কংগ্ৰেছে ৰাজ্য চৰকাৰৰ গৃহ বিভাগ চলোৱাত চূড়ান্ত ব্যৰ্থ হোৱা হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনাই সবল প্ৰতিবাদ সাব্যস্ত কৰে ঘিলামৰাৰ ৰাজপথত।

ঘিলামৰা ব্লক কংগ্রেছ সমিতিৰ সভাপতি তথা অসম প্ৰদেশ কংগ্রেছৰ অ'.বি.চি বিভাগৰ উপাধ্যক্ষ সুভাষ দিহিঙীয়া, ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি দেৱজিৎ হাজৰিকা, ব্লক যুৱ কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক মঞ্জিত সন্দিকৈ, ব্লক সেৱা দলৰ মুখ্য ৰজত দাস,  ব্লক কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক হেমন্ত বৰুৱা, সম্পাদক চন্দেশ্বৰ শইকীয়া, পুলক গগৈ, টুটুমণি গগৈ, পল্লবীতা বৰুৱা, ব্লক যুৱ কংগ্ৰেছৰ সম্পাদক ক্ৰমে বিকাশ কোচ, দুলেন বৰগোহাঁই,  তুষেশ্বৰ গগৈ, ঘিলামৰা মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি ক্ৰমে পূর্বাহ্ন বৰগোহাঁই, কৃষ্ণ চেতিয়া আদি গৰিষ্ঠ সংখ্যক দলীয় কৰ্মী উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, হিমন্তৰ দাদাগিৰী নছলিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ' বেক, বিজেপি হায় হায়,  গৃহ বিভাগ মূর্দাবাদ আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে।

ঘিলামৰা ব্লক কংগ্ৰেছৰ সহযোগিতাত যুৱ কংগ্ৰেছৰ নেতৃত্বই সবল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদকাৰী দলীয় নেতৃত্বই  হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনায় আৰু জিলা আৰক্ষী অধীক্ষকৰ সন্দেহজনক পদক্ষেপৰ উচিত তদন্তৰ দাবী জনায় ।

কংগ্ৰেছ ঘিলামৰা অসম