''পুঁজিপতি নহয় দৰিদ্ৰ শ্ৰমিক শ্ৰেণীৰে পৰিচালিত গনশক্তি দল''

"সন্মিলিত গনশক্তি অসম দল কোনো ধনী পুঁজিপতি শ্ৰেণীৰ ৰাজনৈতিক দল নহয় । এই দল ৰাজ্যখনৰ শ্ৰমজীৱী, শ্ৰমিক,পিছপৰা পশ্চাদপদ শ্ৰেণীৰ দ্বাৰা গঠিত আৰু পৰিচালিত দল।
গনশক্তি দলৰ কেন্দ্ৰীয় সমিতিৰ অধিবেশন
গনশক্তি দলৰ কেন্দ্ৰীয় সমিতিৰ অধিবেশন

ডিজিটেল সংবাদ,ঢকুৱাখনা:  সন্মিলিত গনশক্তি অসম দল কোনো ধনী পুঁজিপতি শ্ৰেণীৰ ৰাজনৈতিক দল নহয় ।  এই দল ৰাজ্যখনৰ শ্ৰমজীৱী, শ্ৰমিক,পিছপৰা পশ্চাদপদ শ্ৰেণীৰ দ্বাৰা গঠিত আৰু পৰিচালিত দল- এই মন্তব্য গনশক্তি দলৰ সভাপতি পৰমানন্দ চায়েঙীয়াৰ৷

শুকুৰবাৰৰ পৰা ঢকুৱাখনাত আৰম্ভ হোৱা গনশক্তি দলৰ কেন্দ্ৰীয় সমিতিৰ অধিবেশনৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে সভাপতি চায়েঙীয়াই৷ পতাকা উত্তোলন কৰি তেওঁ কয় যে- এই খাটি খোৱা শ্ৰেণীৰ সৰ্বাংগীন উন্নয়ন আৰু অৰ্থনৈতিক ভাৱে আগুৱাই নি স্বাৱলম্বী কৰি তোলাৰ লগতে ৰাইজৰ  বিভিন্ন অভাৱ সমস্যা সমূহ দূৰীকৰণ কৰিবলৈ নিজক উৎসৰ্গা কৰাই গনশক্তি দলৰ প্ৰথম আৰু প্ৰধান দায়িত্ব-কৰ্তব্য ।

লগতে তেওঁ কয় ''দলৰ মজিয়াত কোনো নেতা বা ব্যক্তি ডাঙৰ নহয়। আমাৰ বাবে দলীয় অন্তৰ্দৃষ্টি স্বৰূপ "সম অধিকাৰ সম মৰ্যাদা আৰু সম উন্নয়ন"হে ডাঙৰ । গনশক্তি দলৰ কোনো "হাইকামাণ্ড"  নাই । আমাৰ দলৰ বাবে আদৰ্শ  সেইসকল বিশেষ মনীষী যিসকলৰ মেটমৰা অৱদানেৰে বৰ অসম গঢ়াৰ পথ প্ৰশস্ত হৈছিল।

চাওলুং চুকাফাৰ পৰা হোমেন বৰগোহাঞি পৰ্যন্ত মহান  আৰু প্ৰাতঃস্মৰণীয় ব্যক্তি সকলে দেখুৱাই  যোৱা নৈতিক বৌদ্ধিক পথ আৰু পৰামৰ্শক আদৰ্শ হিচাবে লৈ এই আদৰ্শক অধিক শক্তিশালী কৰি গনশক্তি দলে যাত্ৰা পথত আগুৱাই গৈছে আৰু যাব লাগিব ।

তেতিয়াহে  প্ৰকৃতাৰ্থত আমি এখন সম্প্ৰীতিৰ বৰ অসমৰ ভেঁটিত এটা প্ৰগতিশীল অসমীয়া জাতি গঢ় দিব পাৰিম ,যত কোনো জাতি জনগোষ্ঠীৰ মাজত  সন্দেহ বিদ্বেষ বিভেদ নাথাকিব''।

দলৰ সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে আঁত ধৰা এই কাৰ্যসূচীত মুঠ ২৭ খন ব্লক সমিতিৰ সভাপতি সম্পাদকেও একে সময়তে ২৭ খন দলীয় পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে  আই অসমীৰ জাতিয় চেতনা আৰু  অস্তিত্বৰ সুৰক্ষিত কৰিবলৈ গৈ প্ৰাণাহুতি দিয়া বীৰ বীৰাংগণা তথা দলীয় কৰ্মকর্তা সকলৰ পবিত্ৰ স্মৃতিৰ সশ্ৰদ্ধ স্মৰনেৰে  শ্বহীদ তৰ্পণ  কাৰ্যসূচী উদ্বোধন কৰে দলৰ প্ৰশাসনিক সম্পাদক হিৰণ্য দত্তই।

নলবাৰীৰ বড়ো লোক নৃত্য, টাই আহোম সকলৰ লাই লোম খাম নৃত্য, বৰগীত আদিৰে জীপাল হৈ পৰা  অধিবেশনথলীৰ তিনি সহস্ৰাধিক প্ৰতিনিধি উপস্থিতিত থাকে। দ্বিতীয় দিনা দুপৰীয়া প্ৰথমখন কৰ্মশালা কৃষি আৰু উদ্যান শস্য (ভোট জলকীয়া আৰু কলা চাউল)ত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে মাজুলী জিলাৰ জিলা কৃষি বিষয়া ডঃ ইৰছাদ আলি ,ধেমাজি জিলাৰ মহকুমা কৃষি বিষয়া ভৱজিত দলে ,লখিমপুৰ জিলাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ঘনশ্যাম দত্তই। 

বিয়লি দ্বিতীয়খন কৰ্মশালা " বিজ্ঞানসন্মত মীন পালন"ত সমল ব্যক্তি হিচাবে লখিমপুৰ জিলাৰ চিয়াজুলিৰ  'মধুকোলা একোৱাটিক ফাৰ্ম"ৰ স্বতাধিকাৰী বিকুল গোস্বামী , তৃতীয়খন কৰ্মশালা " ৰেচম শিল্প" ৰ সমলব্যক্তি হিচাবে ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ অধীক্ষক অশ্বিনী কলিতা উপস্থিত থাকে।

পশু পালন বিষয়ক কৰ্মশালাত সমল ব্যক্তি হিচাবে ধেমাজি জিলাৰ গোগামুখ ৰাজ্যিক পশু চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ অনিল কুমাৰ পেগু,আৰু "জীৱন জীৱিকা অভিযানক আগুৱাই নিয়াত আমাৰ ভূমিকা "শীৰ্ষক কৰ্মশালাত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে সন্মিলিত গনশক্তি অসম দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰমানন্দ চায়েঙীয়াই ।

ইয়াৰ পাছতে পুনৰ আৰম্ভ হয় কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা।  উল্লেখ্য যে দেওবাৰে গনশক্তি  আৰু নাৰী শক্তি অসম দলৰ দুখন পৃথক কেন্দ্ৰীয়  কাৰ্যনিৰ্বাহক সমিতি গঠনেৰে এই তিনিদিনীয়া অধিবেশনৰ সফল সামৰণি পৰিব।

গনশক্তি দলৰ কেন্দ্ৰীয় সমিতিৰ অধিবেশন
আজৱ! চাৰি নহয়, ৬ ঠেঙীয়া গৰু পোৱালীৰ জন্ম ধেমাজিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in