/asomiyapratidin/media/media_files/2024/11/17/m4hzJQk0HM7PRNwQUfwY.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনাঃ টাই আহোম সমাজৰ ঐতিহাসিক উপাস্যস্থান ধেমাজি জিলাৰ হাবুংত দেওবাৰে পৰ্যটন বিভাগৰ এখন অত্যাধুনিক অভিলাসী আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। অসম চৰকাৰৰ পৰ্যটন আৰু উন্নয়ন নিগমৰ প্ৰায় ৪কোটি ৭৫ লাখ পুঁজিৰে ঐতিহাসিক হাবুং গন্তব্য স্থানৰ বিকাশ সৌন্দৰ্যবৰ্ধন আঁচনিৰ আধাৰশিলা স্থাপন কৰে শিক্ষা আৰু ভৈয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
অসম পৰ্যটন আৰু উন্নয়ন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ উপস্থিতিত এক জনাকীৰ্ণ আৰু মাংগলিক পৰিবেশত আঁচনিখনৰ আধাৰশিলা স্থাপন কৰা হয়। ধেমাজি জিলাৰ উপায়ুক্ত ৰাহুল সুৰেশ জাভীৰ, আৰক্ষী অধীক্ষক হিতেশ ৰয়, আঁচনিখনৰ ৰূপায়নকাৰী ঠিকাদাৰ মাধৱ শইকীয়া, বিশিষ্ট টাই পণ্ডিত ডঃ পুষ্প গগৈ,বিশিষ্ট সাহিত্যিক উমেশ চেতিয়া আদিৰ লগতে হাবুং পৰিচালনা সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু স্থানীয় বহু সংখ্যক বিশিষ্ট ব্যক্তি আজিৰ অনুষ্ঠানত উপস্থিত থাকে।
প্ৰথমে অভ্যাগত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ পেগু,অধ্যক্ষ বৰুৱাসহ বিশিষ্ট অতিথিসকলক গায়ন বায়নেৰে মূল প্ৰৱেশ পথৰ পৰা আধাৰশিলা স্থানলৈ আদৰি অনা হয়। ইয়াৰ পাছতে টাই ধৰ্মীয় ৰীতি নীতিৰে পূজা সম্পন্ন কৰি ধৰ্মীয় পৰম্পৰাৰে মংগল ধ্বনিৰ মাজত আঁচনিখনৰ আধাৰশিলা ফলক উন্মোচন কৰা হয়।
ইয়াৰ পাছতে প্ৰস্তাৱিত আঁচনিৰ মূল স্তম্ভত শিল বালি চিমেণ্টৰ মিশ্ৰণ দি আধাৰশিলা স্থাপন কৰা হয়।পৰৱৰ্তী সময়ত হাবুং ক্ষেত্ৰত অনুষ্ঠিত কৰা হয় এক ৰাজহুৱা সভা।
হাবুং পৰিচালনা সমিতিৰ সম্পাদক বাবুল বুঢ়াগোহাঁয়ে আঁত ধৰা সভাত মন্ত্ৰী ডাঃ পেগু আৰু পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আঁচনিখনৰ সন্দৰ্ভত বিস্তৃত অবলোকন কৰে। পৰ্যটন বিভাগৰ এই আঁচনিৰ জৰিয়তে ঐতিহাসিক পৰ্যটন ক্ষেত্ৰখন সুপৰিকল্পিত আৰু সর্বাংগসুন্দৰ ভাবে গঢ়ি তোলা হ'ব বুলি ব্যক্ত কৰে বক্তাদ্বয়ে ।
প্ৰায় ৪ কোটি ৭৫ লাখ পুঁজিৰে প্ৰায় ২৮৫ বিঘা হাবুং ক্ষেত্ৰত এটা সুদৃশ্যমান দুমহলীয়া অত্যাধুনিক পৰ্য্যটকৰ গৃহৰ লগতে মূল পথ আৰু সমগ্ৰ ক্ষেত্ৰ সামৰি আভ্যন্তৰীণ পথ নিৰ্মানেৰে সৌন্দৰ্যবর্ধন কৰা আঁচনিৰ দেওবাৰৰ পৰা আৰম্ভ কৰি দ্ৰুতগতিত ৰূপায়ন কৰা হ'ব বুলি আঁচনিখনৰ কাৰ্যকৰীকৰ্তা মাধৱ শইকীয়াই জানিবলৈ দিয়ে।