/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-22/txunwltk/132.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় কৰ্মী , বৃহত্তৰ পশ্চিম ধেমাজিৰ এগৰাকী সংগ্ৰামী সত্বা, পশ্চিম ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰশান্ত কোচ আৰু নাই । মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল মাত্ৰ ২৬ বছৰ।
ধেমাজি জিলাৰ নৰোৱাথান নিবাসী সক্ৰিয় যুৱ শক্তি প্ৰশান্ত কোচৰ দেওবাৰে দেহাৱসান ঘটে । কিছুদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকা সদা মিষ্টভাষী যুৱকজনৰ চিকিৎসাধীন অৱস্থাতে অকাল বিয়োগ ঘটে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-22/59oqocc0/a3e67ff8-4a08-4053-a80c-e3c79b42eeb8.jpg)
বিনয়ী আৰু সমাজদায়ৱদ্ধ অগ্ৰণী ভূমিকাৰ বাবে "কণমইনা" নামেৰে সৰ্ব পৰিচিত প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ আকস্মিক বিয়োগত সমগ্ৰ পশ্চিম ধেমাজি অঞ্চলৰ লগতে জিলাখনতে শোকৰ ছাঁ পৰে । দেওবাৰে বিয়লি প্ৰাক্তন ছাত্ৰ নেতাজনৰ নস্বৰদেহ স্ব গৃহত উপস্থিত হোৱাৰ পাছত বিভিন্নজনে অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত শেষকৃত্য সম্পন্ন কৰা হয় ।
Also Read: অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ