ভদিয়া নামৰ প্ৰসাদ সেৱন কৰি ১০৫ জনকৈ লোক অসুস্থঃ হাহাকাৰময় পৰিস্থিতি...

ভদিয়া নামৰ প্ৰসাদ সেৱন কৰি ১০৫ জনকৈ লোক অসুস্থঃ হাহাকাৰময় পৰিস্থিতি...
ভদিয়া নামৰ প্ৰসাদ সেৱন কৰি ১০৫ জনকৈ লোক অসুস্থঃ হাহাকাৰময় পৰিস্থিতি...

ডিজিটেল ডেস্কঃ ঢকুৱাখনাত অঘটন। ভদিয়া নামৰ প্ৰসাদ সেৱন কৰাৰ পাছতেই অসুস্থ হৈ পৰিল ১০৮ গৰাকীকৈ লোক। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ঢকুৱাখনা মহকুমাৰ ১ নং থেকেৰাগুৰী গাঁৱত।

উল্লেখ্য যে, শনিবাৰে নিশা গাওঁখনৰ নামঘৰত অনুষ্ঠিত হৈছিল ভদিয়া নাম। নামৰ অন্তত পূৰ্বৰ দৰেই প্ৰসাদ বিতৰণ কৰাৰ পাছত প্ৰসাদ সেৱন কৰে নামঘৰত উপস্থিত থকা গঞা ৰাইজে।

ইফালে নামঘৰৰ পৰা স্বগৃহলৈও একাংশ লোকে সেই প্ৰসাদ লৈ যায় আৰু ঘৰৰ আন আন সদস্যয়ো সেই প্ৰসাদ গ্ৰহণ কৰে। পাছতে লাহে লাহে বিষক্ৰিয়া আৰম্ভ হয় আৰু পৰ্যায়ক্ৰমে ১০৫ গৰাকীকৈ লোক অসুস্থ হৈ পৰে।

প্ৰসাদ খোৱা লোকসকলৰ দেহত পেটৰ বিষ, পেট চলা, বমি আদি ৰোগে দেখা দিয়ে। প্ৰথমে গাওঁখনৰ অসুস্থ লোকসকলে গাওঁখনত থকা একমাত্ৰ ফাৰ্মাচীখনৰ পৰা ঔষধ আনি খাই যদিও পৰৱৰ্তী সময়ত ফাৰ্মাচীখনতো ঔষধৰ নাটনি হয়।

এনে পৰিস্থিতিত অসুস্থ লোকসকলক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে চিকিৎসালয়খনত ৫ গৰাকীক চিকিৎসকে অসুস্থ লোকসকলক নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছে।

ইফালে ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত অসুস্থ লোকসকলৰ বাবে বিচনাৰ অভাৱ হৈছে। ফলত চিকিৎসালয়খনৰ বাৰাণ্ডাতে ৰোগীৰ চিকিৎসা চলিছে। গাওঁখনৰ একেখন ঘৰৰে দুই, তিনিজনকৈ লোক অসুস্থ হৈ পৰিছে বুলিও জানিব পৰা গৈছে।

ইফালে এই ঘটনাৰ খবৰ ল'বলৈ চিকিৎসালয়খনত উপস্থিত হৈছেগৈ লখিমপুৰ জিলাৰ আয়ুক্ত শোণিত স্বত্বৱান, মহকুমাধিপতি কাৰ্তিক কলিতা। মহকুমাধিপতিগৰাকীয়ে সমগ্ৰ চিকিৎসা ব্যৱস্থাৰ তদাৰক কৰিছে।

চিকিৎসালয়খনত উপস্থিত হৈ জিলা আয়ুক্তগৰাকীয়ে কয়, প্ৰসাদ বিষক্ৰিয়া হোৱা ঘটনা সন্দৰ্ভত তদন্ত কৰা হ'ব। তেওঁ কয়, চিকিৎসালয়খনত একেলগে ১০৫ জনকৈ লোক ভৰ্তি হোৱাত প্ৰথমে অসুবিধাৰ সৃষ্টি হৈছিল যদিও এতিয়া পৰিস্থিতি সুস্থিৰ হৈছে।

এজন ৰোগীক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। একাংশ ৰোগী এতিয়াও ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু আন একাংশ হাস্পতালৰ পৰা ঘৰলৈ গৈছে।

আনহাতে গাওঁখনত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গাওঁখনত থকা এখন মিনি পি এইছ ইত নিশাও এগৰাকী চিকিৎসক কৰ্তব্যৰত অৱস্থাত থকাটো নিশ্চিত কৰিছে। ইয়াৰোপৰি নিশাও ফাৰ্মাচী খুলি ৰখাৰ লগতে মিনি পি এইছ ইখনত এখন এম্বুলেঞ্চ আৰু ঢকুৱাখনা অসামৰিক চিকিৎসালয়ত দুখনকৈ এম্বুলেঞ্চ সাজু কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

ভদিয়া নামৰ প্ৰসাদ সেৱন কৰি ১০৫ জনকৈ লোক অসুস্থঃ হাহাকাৰময় পৰিস্থিতি...
নগাঁও জিলা ভাৰোত্তোলন সন্হাৰ নতুন সমিতি গঠন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in